পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বহল ব্যাকৰণ।

অন্তৰ অ লোপ হয়। যেনে, কংশ+এ = কংশই বা কংশে, বংশ+এ= বংশই বা বংশে।

 (জ) শব্দৰ শেষত অকলশৰীয়া ও থাকিলে আৰু তাত আদিত অকলশৰীয়া স্বৰ থকা বিভক্তি যোগ হলে, সেই ও-কাৰ ৱ হয়। যেনে, গাওঁ+এ= গাৱেঁ, গাওঁ+অক =গাৱঁক, গাওঁ + এৰে = গাৱেঁৰে।

 (ঝ) শব্দৰ শেষত (ং) অনুস্বাৰ থাকিলে, আৰু তাত আদিত স্বৰ থকা বিভক্তি যোগ হলে, সেই অনুস্বাৰ ঙ বা ঙ্গ হয়। যেনে, ডাং+এ= ডাঙে বা ডাঙ্গে, ডাং+এৰে = ডাঙেৰে বা ডাঙ্গেৰে, চাং+অত = চাঙত বা চাঙ্গত।

পদ প্ৰকৰণ।

 ১০। প্ৰকৃতিত বিভক্তি যোগ হলে তাক পদ বোলা যায়।

 ১১। পদ চাৰিবিধ:— বিশেষ্য, সৰ্ব্বনাম, বিশেষণ আৰু ক্ৰিয়া।

 ১২। কোনো কোনো প্ৰকৃতিত বিভক্তি যোগ নহয়। সিহঁতক অব্যয় শব্দ বোলে।

 ১৩। যি পদে কোনো প্ৰাণীৰ বা বস্তুৰ বা গুণৰ নাম বা কোনো কাৰ্য্য বুজায়, তাক বিশেষ্য পদ বোলে।

 ১৪। বিশেষ্য পদ তিনি বিধ:– সংজ্ঞাবোধক বিশেষ্য, গুণবোধক বিশেষ্য আৰু ক্ৰিয়াবোধক বিশেষ্য।