পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
বহল ব্যাকৰণ।

 ৫০। স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ বা য, ৰ, ল, ৱ, হ পাচত থাকিলে ৰজাত বিসৰ্গ মৰি ৰ, হয়। যেনে, পুনঃ+অপি = পুনৰপি, প্ৰাতঃ+উত্থান = প্ৰাতৰুত্থান, পুনঃ+ জন্ম = পুনৰ্জন্ম, দুঃ+মূল্য = দুৰ্মূল্য, দুঃ+ভাবনা = দুৰ্ভাবনা, দুঃ+ঘোৰ = দুৰ্ঘোৰ, অন্তঃ+আত্মা = অন্তৰাত্মা।

 ৫১। কোনো কোনো পদৰ আৰু কোনো কোনো উপসৰ্গৰ অন্তত ৰ্‌ আছে। সেই ৰ্ সাধাৰণতঃ বিসৰ্গৰ আকাৰত থাকে। যেনে, প্ৰাতৰ্‌ – প্ৰাতঃ, পুনৰ্‌ — পুনঃ, অন্তৰ্ –অন্তঃ, দুৰ্ – দুঃ, নিৰ্‌ —নিঃ। এই বিসৰ্গবিলাক যথাৰ্থত ৰ-ৰ পৰা জন্মিছে, সেই দেখি সিহঁতক ৰজাত বিসৰ্গ বোলা হয়।

 ৫২। স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয়, চতুৰ্থ বা পঞ্চম বৰ্ণ বা য, ৰ, ল, ৱ, হ পাচত থাকিলে, অ সবৰ্ণৰ বাজে আন স্বৰবৰ্ণৰ পাচত থকা সকলো বিধৰ বিসৰ্গ মৰি ৰ্‌ হয়। যেনে, নিঃ+আকাৰ = নিৰাকাৰ, আশীঃ+বাদ = আশীৰ্ব্বাদ, নিঃ +মূল = নিৰ্ম্মূল, দুঃ+আকাঙ্খা = দুৰাকাঙ্খা।

 ৫৩। ক খ প ফ পাচত থাকিলে, আগৰ বিসৰ্গ মৰি স হয়, কিন্তু সেই বিসৰ্গ অ সবৰ্ণৰ বাজে আন স্বৰ বৰ্ণৰ পাচত থাকিলে, ষ্‌ হয়। যেনে, মনঃ+কামনা = মনস্কামনা, মনঃ+খেদ = মনস্খেদ, নিঃ+পাপ = নিষ্পাপ, নিঃ+ফল = নিষ্ফল।

 কিন্তু অন্তঃকৰণ অন্তস্কৰণ, বা শিৰঃপীড়া শিৰস্পীড়া নহয়।