পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বহল ব্যাকৰণ।

 ৪৩। কেতবিলাক সন্ধি আছে, যাক ওপৰত দিয়া নিয়মেৰে সাধিব নোৱাৰি। সেইবিলাক সন্ধি নিপাতনত, অৰ্থাৎ অনিয়মিতৰূপে সিদ্ধ। সন্ধিবিলাক সেই দৰে সিদ্ধ হওঁতে কোনোটোত বৰ্ণাগম, কোনোটোত বৰ্ণ বিপৰ্য্য়য়, কোনোটোত বৰ্ণবিকাৰ, কোনোটোত বা বৰ্ণবিনাশ হৈছে। যেনে, বৰ্ণাগম—গো+ পদ = গোষ্পদ; বৰ্ণবিপৰ্য্যয়— হিন্‌স্‌+অ =সিংহ; বৰ্ণবিকাৰ— তৎ+কৰ = তস্কৰ; বৰ্ণবিনাশ—মনস্+ঈষা = মনীষা।

অনুস্বাৰ আৰু বিসৰ্গ সন্ধি।

 ৪৪। অন্তঃস্থ বা উষ্মবৰ্ণ পাচত থাকিলে, আগৰ ম্ মৰি ং অনুস্বাৰ হয়। যেনে, সম্ + সৰ্গ = সংসৰ্গ, সম্ + যম = সংযম, সম্ + যোগ = সংযোগ, সম্ + লগ্ন =সংলগ্ন, বশম্ +বদ = বশংবদ। কিন্তু সিদ্ধ পদে ৰজা বুজালে ম্ অনুস্বাৰ নহয়। যেনে, সম্+ৰাট = সম্ৰাট।

 ৪৫। অনুস্বাৰৰ পাচত যি বৰ্গৰ বৰ্ণ থাকে, অনুস্বাৰ মৰি সেই বৰ্গৰ পঞ্চম বৰ্ণ হয়। যেনে, সং+ গতি = সঙ্গতি,সং+চয় =সঞ্চয়,শং+খ = শঙ্খ, সং+পৰ্ক = সম্পৰ্ক, কিং+ কৰ = কিঙ্কৰ।

 ৪৬। চ, ছ পাচত থাকিলে আগৰ বিসৰ্গ মৰি শ্ হয়, ট, ঠ পাচত থাকিলে ষ্ হয়, আৰু ত, থ থাকিলে স্ হয়। যেনে, নিঃ+চয় = নিশ্চয়, শিৰঃ + ছেদন = শিৰশ্ছেদন, ধনুঃ +