পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
বহল ব্যাকৰণ।

 ৩৭। ঢ পাচত থাকিলে আগৰ ঢ লোপ হয়। যেনে, মূঢ় +ঢ় = মূঢ়।

 ৩৮। উৎ শব্দ আগত থাকিলে স্থা আৰু স্তন্‌ভ ধাতুৰ স্‌ লোপ হয়। যেনে, উৎ+স্থান = উত্থান, উৎ+স্তন্‌ভ = উত্তন্‌ভ।

 ৩৯। ব্যঞ্জনবৰ্ণ আদিত থকা কোনো পদ পাচত থাকিলে, দিব্‌ শব্দৰ ঠাইত দ্যু হয়। যেনে, দিব্+লোক = দ্যুলোক।

 ৪০। কাম শব্দ পাচত থাকি সমাস হলে, তুম্‌ প্ৰত্যয়ৰ ম আৰু সম্ শব্দৰ ম লোপ হয়। যেনে, গন্তুম্+কাম = গন্তুকাম, সম্+কাম = সকাম।

 ৪১। কৃ ধাতুৰ আগত সম্ বা পৰি উপসৰ্গ থাকিলে, সেই ধাতুৰ আগত এটা স্ হয়। যেনে, সম্+ কৃত = সংস্কৃত, পৰিঃ+কাৰ = পৰিষ্কাৰ।

 ৪২। আগৰ স্বৰযুক্ত নোহোৱা ব্যঞ্জনবৰ্ণ পাচৰ স্বৰবৰ্ণত বা স্বৰযুক্ত ব্যঞ্জনত সদায় যোগ হয়। যেনে, বছৰ্ + এক = বছৰেক, মাহ্+এক = মাহেক, পষ্‌ +এক = পষেক, শত্†এক = শতেক, সম্+পত্তি = সম্পত্তি, সম্‌+বাদ= সম্বাদ, তম্+বল = তম্বল, মানুহ্ + ও = মানুহো, মন্+ও =মনো, হাত্‌+ এৰে = হাতেৰে, হাত্+এদি = হাতেদি, ঘৰ্ + অৰ = ঘৰৰ, গছ্ + অত = গছত, মানুহ + অক = মানুহক, মানুহ + এ = মানুহে।