পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
বহল ব্যাকৰণ।

 ৩০। ছ পাচত থাকিলে আগৰ পদৰ শেষত এটা চ হয়। যেনে, গৃহ + ছিদ্ৰ = গৃহচ্ছিদ্ৰ।

 ৩১। চ্‌ বা জ্‌ আগত, থাকিলে পাচৰ ন মৰি ঞ হয়। যেনে, যাচ্ + না = যাচ্ঞা, যজ্ +ন = যজ্ঞ।

 ৩২। হ পাচত থাকি ত্ মৰি দ্‌ হয়, আৰু পাচৰ হ মৰি ধ হয়। যেনে, উৎ + হাৰ = উদ্ধাৰ, উৎ+হত = উদ্ধত।

 ৩৩। দ্ পাচত থাকিলে হ মৰি ধ হয়। যেনে, বিপদ্+হেতু = বিপদ্ধেতু, তদ্†হিত = তদ্ধিত।

 ৩৪। ষ্‌ আগত থাকিলে ত আৰু থ মূৰ্দ্ধন্য হয়। যেনে, উৎকৃষ্ + ত = উৎকৃষ্ট, প্ৰবিষ+ত= প্ৰবিষ্ট, ষষ্‌+থ =ষষ্ঠ

 ৩৫। স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ বৰ্ণ, বা য্ ৰ্‌ ল্ ৱ্ হ্‌ পাচত থাকিলে বৰ্গৰ প্ৰথম বৰ্ণ মৰি সেই বৰ্গৰ তৃতীয় বৰ্ণ হয়। যেনে, দিক্‌+অন্ত = দিগন্ত, বাক্‌+অড়ম্বৰ = বাগাড়ম্বৰ, বাক্+ঈশ = বাগীশ, জগৎ + ঈশ্বৰ = জগদীশ্বৰ, তৎ+উপৰি = তদুপৰি, ষট্‌+আনন = ষড়ানন, দিক্ + গজ = দিগ্‌গজ, অপ্ + দ = অব্দ, বৃহৎ + ৰথ = বৃহদ্ৰথ, নিচু + অন্ত = নিজন্ত, জগৎ+অম্বা = জগদম্বা, সৎ+উপদেশ = সদুপদেশ।

 ৩৬। ন বা ম পাচত থাকিলে ক্ মৰি ঙ্ আৰু ত্‌ মৰি ন্‌ হয়। যেনে, বাক্‌+ময় = বাঙ্ময়, প্ৰাক্‌+মুখ = প্ৰাঙ্মুখ, জগৎ+নাথ = জগন্নাথ, উৎ+নতি = উন্নতি, উৎ + মত্ত = উন্মত্ত, তৎ + ময় = তন্ময়।