পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
বহল ব্যাকৰণ।

তাৰ অ আগৰ আখৰত যোগ হয়, আৰু পাচত থক৷ স্বৰ ব্‌-ত যোগ হয়। যেনে, পো+ অন = পবন, ভো + অন = ভবন, শ্ৰো + অন = শ্ৰবণ।

 ২১। ঔ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ঔ মৰি আব্‌ হয়, তাৰ আ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰ ব-ত যোগ হয়। যেনে, পৌ + অক = পাবক, ভৌ+উক =ভাবুক, নৌ+ইক= নাবিক।

 ওপৰত দিয়৷ সন্ধিবিলাক, অ সবৰ্ণৰ সন্ধিৰ নিচিনাকৈ কোনটো কোন বিধৰ তাক ভাঙ্গি বিধে বিধে দেখুউৱা নাই। তেনেকৈ দেখুৱালে পুথিৰ আকাৰ বাঢ়ে। উদাহৰণবিলাক মন দি চালেই কোনটো কোন বিধৰ বুজা যাব।

 অস বৰ্ণৰ সন্ধিৰ নিচিনা স্বৰসন্ধি প্ৰায় এটাইবিলাকেই অসমীয়া উচ্চাৰণ মতে অসঙ্গত।অসমীয়া উচ্চাৰণ মতে পৰমেশ্বৰ-পৰমীশ্বৰ, নীলাচল-নীলচল, দেবৰ্ষি - দেবৃষি হব লাগে। কেৱল সংস্কৃত উচ্চাৰণ মতেহে এইবিলাক সন্ধি হব পাৰে।

 ২২। সংস্কৃত ভাষাত কেতবিলাক সন্ধি চলিত আছে, যাক ওপৰত দিয়া নিয়মবিলাকেৰে সাধিব নোৱাৰি। সেই সন্ধিবিলাকক নিপাতনত সিদ্ধ, অৰ্থাৎ অনিয়মিত ৰূপে সিদ্ধ হোৱা সন্ধি বুলি কয়। যেনে, স্ব + ইৰিণী = স্বৈৰিণী, অক্ষ +ঊহিণী = অক্ষৌহিণী, প্ৰ+উঢ়ি=প্ৰৌঢ়ি, গো + য = গব্য,ভো + য= ভব্য, গো + অক্ষ = গবাক্ষ, গো + ইন্দ্ৰ = গবেন্দ্ৰ, কুল + অটা = কুলটা, শাৰ + অঙ্গ = শাৰঙ্গ,সীম +অন্ত = সীমন্ত।