পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বহল ব্যাকৰণ।

অন্বেষণ, অনু+অয়= অন্বয়, পশু+আদি= পশ্বাদি, অনু+ইত= অন্বিত, ভূ+আদি= ভ্বাদি, সু+অস্তি= স্বস্তি।

 ১১। ঋ-কাৰৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে ঋ মৰি ৰ হয়, সেই ৰ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰবৰ্ণ সেই ৰ-তে যোগ হয়। যেনে, পিতৃ+অনুমতি= পিত্ৰনুমতি, মাতৃ+আদেশ= মাত্ৰাদেশ, পিতৃ+আলয়= পিত্ৰালয়।

 ১২। অ সবৰ্ণৰ পাচত ই সবৰ্ণ থাকিলে দুয়ো মিলি এ হয়, আৰু সেই এ আগৰ আখৰত যোগ হয়। যেনে, গণ+ঈশ= গণেশ, মহা+ঈশ্বৰ= মহেশ্বৰ, পৰম+ঈশ্বৰ= পৰমেশ্বৰ, নৰ+ইন্দ্ৰ= নৰেন্দ্ৰ, যথা+ইষ্ট= যথেষ্ট, লঙ্কা+ঈশ্বৰ= লঙ্কেশ্বৰ, মহা+ইন্দ্ৰ= মহেন্দ্ৰ, ৰমা+ঈশ= ৰমেশ, শুক্ৰ+ঈশ্বৰ= শুক্ৰেশ্বৰ, বাণ+ঈশ্বৰ= বাণেশ্বৰ, ৰুদ্ৰ+ ঈশ্বৰ= ৰুদ্ৰেশ্বৰ, কাম+ঈশ্বৰ= কামেশ্বৰ।

 ১৩। অ সবৰ্ণৰ পাচত উ সবৰ্ণ থাকিলে, দুয়ো মিলি ও হয়, আৰু সেই ও আগৰ আখৰত যোগ হয়। যেনে, ফল+উদয়= ফলোদয়, পাদ+উদক= পাদোদক, গঙ্গা+উদক= গঙ্গোদক, চন্দ্ৰ+উদয়= চন্দ্ৰোদয়, বোধ+উদয়= বোধোদয়, যথা+উপযুক্ত= যথোপযুক্ত, মহা+উৰ্ম্মি= মহোৰ্ম্মি।

 ১৪। অ সবৰ্ণৰ পাচত ঋ থাকিলে, দুয়ো মিলি অৰ্‌ হয়, তাৰ অ আগৰ আখৰত যোগ হয়, আৰু ৰ্‌ ৰেফ হৈ পাচৰ আখৰৰ শিৰলৈ যায়। যেনে, দেব+ঋষি= দেবৰ্ষি, মহা+ঋষি= মহৰ্ষি, ৰাজা+ঋষি= ৰাজৰ্ষি, অধম+ঋণ= অধমৰ্ণ।