পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়।

⸺:☀:⸺

সন্ধি প্ৰকৰণ।

 ১। এটা শব্দৰ শেষ বৰ্ণ আন এটাৰ আদি বৰ্ণেৰে সৈতে জোৰা লাগি শব্দ দুটা এটা হলে, সিহঁতৰ ভিতৰত সন্ধি হোৱা বোলা যায়।

 ২। সংস্কৃতত যি দুটা শব্দৰ সমাস হয়, সিহঁতৰ সদায় সন্ধি হয়।

 ৩। ধাতুৰ আগত উপসৰ্গ বা আন কোনো শব্দ থাকিলে, সিহঁতৰ ভিতৰত সদায় সন্ধি হয়।

 ৪। ধাতু আৰু প্ৰত্যয়ৰ ভিতৰতো সদায় সন্ধি হয়।

 শুনিবলৈ কথা ললিত কৰিবৰ নিমিত্তে আন আন নানা বিধ শব্দৰ ভিতৰতো সন্ধি হয়। কিন্তু সেই সন্ধি লিখকৰ ইচ্ছাধীন, অৰ্থাৎ তেনে সন্ধি লিখকে কৰিলে কৰিব পাৰে, নকৰিলে নকৰিবও পাৰে।

 সন্ধি হলে শব্দৰ ৰূপ অলপ পৰিবৰ্ত্তন হয়, কিন্তু অৰ্থৰ পৰিবৰ্ত্তন নহয়।

 ৫। সন্ধি তিনি বিধ :– স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু অনুস্বাৰ আৰু বিসৰ্গ সন্ধি।