পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
বহল ব্যাকৰণ

ৰত্ন দ্বীপো পায়া যেন পাইলেক বিবুদ্ধি।
বালিক নাৱত তোলে ৰত্নক নুশুধি॥
সেহি মতে মোত তিনি পদ ভূমি খোজা।
ষিবা দেয় যিবা লৱে দুইৰো মহালজ্জা॥

বলিছলন৷

 ২৪। ৰূপক—উপমেয়ক উপমানৰ নিচিনা অভেদ ৰূপে নিৰ্দ্দেশ কৰিলে তাক ৰূপক অলঙ্কাৰ বোলে। যেনে,

পৰমাত্মা শুকে জীৱ নৃপত কহয়।
ভকতি বাৰিষা ঋতু ভৈলন্ত উদয়॥
মাধৱৰ ভকতি নিকৰ দিনকৰ।
নানা কান্তি ভাতি আতি অণ্ডৰ ভিতৰ॥
বিষয় বতাস হাস লাস জ্ঞান হৰে৷
ভক্তি শক্তি চানি বানি তৰ্ক মেঘে কৰে॥

দশম স্কন্ধ।


অন্ত