পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অপাৰ সংসাৰ সিন্ধু আৰ  বিষ্ণুসে পৰম পাৰ যত
 পাৰ আছে তাত পৰম্পৰমাত্মা ৰূপে।
তেন্তে তুমি জানা ব্ৰহ্ম পাৰ  পৰ পাৰ ভূত যত পাৰ
 তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে।

নামঘোষা ।

 ২০। অৰ্থালঙ্কাৰ— উপমা, মালোপমা, ৰূপক ইত্যাদি।

 ২১। উপমা—ভিন ভিন জাতিৰ দুটা বস্তুৰ সাদৃশ্য দেখুৱাই বৰ্ণনা কৰিলে তাক উপমা বোলা যায়।

 ২২। যাৰে সৈতে তুলনা কৰা যায় তাক উপমান আৰু যাক তুলনা কৰা যায় তাক উপমেয় বোলে। যেনে,

জৰাসন্ধ আদি কৰি যতেক নৃপতি আছে
 তোমাৰ লগত যেন তৃণ।
প্ৰচণ্ড বাঘৰ আগে  যেন গাৱ ঘেলাৱয়
 অতি ক্ষুদ্ৰ মৃগ যে হৰিণ॥

 প্ৰথম ফাঁকিত নৃপতিক তৃণৰ লগত আৰু দ্বিতীয় ফাঁকিত মৃগৰ লগত তুলনা কৰা হৈছে।

 ২৩৷ মালোপমা :—এটা উপমেয়ৰ বহুত উপমান থাকিলে তাক মালোপমা বোলে। যেনে,

প্ৰশংসা বচনে মোক আৰাধিয়া তুমি।
কিসক খুজিলা অল্প তিনি পদ ভূমি॥
যেন ভাগ্য ৰহিত দৰিদ্ৰ কোন জন।
কুবেৰক পায়া সিতো খোজে খুদ কণ॥