পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
বহল ব্যাকৰণ।


অলঙ্কাৰ।

 ১৫। নানা উপায় অৱলম্বন কৰি যেনেকৈ মানুহৰ শৰীৰৰ সৌন্দৰ্য্য বঢ়াব পাৰি, সেইদৰে উপায় কৰি ভাষাৰ মাধুৰ্য্যও বঢ়াব পাৰি। এতেকে যি উপায়েৰে ভাষা মধুৰ আৰু মনোগ্ৰাহী কৰা যায় তাক ভাষাৰ অলঙ্কাৰ বোলে।

 ১৬। অলঙ্কাৰ দুবিধ :—শব্দালঙ্কাৰ আৰু অৰ্থালঙ্কাৰ।

 ১৭৷ শব্দালঙ্কাৰ— অনুপ্ৰাস, যমক, ইত্যাদি।

 ১৮। অনুপ্ৰাস—এবিধ বৰ্ণ বাৰে বাবে উল্লেখ হলে তাক অনুপ্ৰাস বোলা যায়। যেনে,

পৰম পুৰুষ, পুৰাতন পাপী, পাৱন ঈশ্বৰ দেৱ।
ব্ৰহ্মা ৰুদ্ৰ আদি দিকপাল, যাকু কৰত নিত্য সেৱ॥
যক্ষ ৰক্ষ বিপক্ষ লক্ষ, লক্ষ ক্ষয়ঙ্কাৰী।
দুষ্ট দৈত্য দানৱ দলন, দীন দৰিদ্ৰ দুঃখ ভয়হাৰী॥
অঘ বক কুবলয়, ধেনুক কেশী কংসনাশী বনমালী।
গোপী পীন পয়োধৰ ঘৰিষণ, চঞ্চল কৰযুগশালী॥

 ওপৰত দিয়া কথাৰ প্ৰথম শাৰীত প, তৃতীয়ত ক্ষ, চতুৰ্থত দ, পঞ্চমত ক, ষষ্ঠত প বৰ্ণ বাৰে বাৰে উল্লেখ হৈছে।

 ১৯। যমক:-—এটা শব্দক একে ঠাইতে ভিন ভিন অৰ্থত ব্যৱহাৰ কৰিলে তাক যমক বোলে। যেনে,—