এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
বহল ব্যাকৰণ
অদ্ভূত বালক |
কুটিল অলক। |
কৃষ্ণ গুণমালা।
১৩। হংসমালা।
এই ছন্দত দুফাঁকি কথা থাকে৷ প্ৰত্যেক ফাঁকিত ১৮টাকৈ আখৰ থাকে আৰু দুয়ো ফাঁকিৰ শেষ আখৰ মিলে।
দিবসে বিষয় বিয়াকুল নিশি শয়নে গোৱাঁই।
মনে ধন খোজি বিমুহিত তেৰি আৰতি নাপাই॥
হৃদয় কমলে হৰি বৈঠহ চিন্তো চৰণ না তেৰি।
কৰল গৰল যচ ভোজন হামো অমিয়া হেৰি॥
বৰগীত।
ওপৰত দিয়া ছন্দবিলাকৰ বাজেও পিকাৱলী, মালতি, চম্পক, বিধুমালা, অনুষ্টুপ, তোটয়, চপয় আদি অনেক ছন্দ সংস্কৃতত আৰু ব্ৰজভাষাত আছে, কিন্তু সেইবিলাকৰ উদাহৰণ অসমীয়া সাহিত্যত বিচাৰি পাবলৈ টান। অসমীয়া গীতি সাহিত্যত কিন্তু চপয়ৰ ব্যৱহাৰ কোনো কোনো ঠাইত দেখা যায়।
১৪। চপয়।
এই ছন্দত চাৰি ফাঁকি থাকে। ৰাগ অনুসাৰে ইয়াৰ প্ৰত্যেক ফাঁকিত দহ, এঘাৰ, বাৰ, তেৰলৈকে বা তাতোকৈ