পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৯
বহল ব্যাকৰণ


আখৰ মিলে। আগৰ আৰু শেষৰ ফাঁকিৰ প্ৰথম ছটা আখৰ আৰু বাকী পাঁচটা আখৰে একোটি চৰণ হয়। কেতিয়াবা ফাঁকিত ১২টাকৈও আখৰ থাকিব পাৰে।

শুনিয়া হাঁসি চাহি চক্ৰপাণি।
নোহন্ত আদিত্য বুলিলা বাণী॥
মণিৰ ৰশ্মি হুৱা প্ৰকাশিত।
গৃহক লাগি আসে সত্ৰাজিত॥

শ্যমন্ত হৰণ।

১১। ঝুমুৰি বা গজগতি।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰতি ফাঁকিত আঠোটাকৈ আখৰ থাকে আৰু দুয়ো ফাঁকিৰ শেষ আখৰ মিলে।

বলভদ্ৰে জৰাসন্ধে।
যুজিলন্ত মাল বন্ধে।
প্ৰহাৰে অনেক ভাৱে।
ছান্দি ধৰি পাৱে পাৱে।

কীৰ্ত্তন।

১২। কুসুমমালা ছন্দ।

 এই ছন্দত চাৰি ফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত ছটাকৈ আখৰ থাকে আৰু চাৰিয়োটাৰে শেষ আখৰ মিলে।