পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
বহল ব্যাকৰণ।


আৰু বাকী ছটা আখৰে একোটি চৰণ হয়। ইয়াত সৰ্ব্বমুঠ ২৮টা আখৰ আৰু চাৰি চৰণ থাকে।

সৰোবৰ চয় চাৰু জলে আছে ভৰি।
চাৰিয়ো কাষৰে সুবৰ্ণৰ খাটখৰি॥
ফুলিয়াছে সুগন্ধ কমল উতপল।
মধু লোভে ভ্ৰমৰে কৰয় কোলাহল॥

ৰুক্মিণী হৰণ।

৭। দুলৰি।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত তিনি চৰণ, প্ৰথম আৰু দ্বিতীয় চৰণত ছটাকৈ আখৰ থাকে আৰু সিহঁতৰ শেষ আখৰ মিলে, নিমিলিবও পাৰে৷ তৃতীয় চৰণত আঠোটাকৈ আখৰ থাকে আৰু দুয়ো ফাঁকিৰ শেষ আখৰ মিলে৷ ইয়াত সৰ্ব্বমুঠ চল্লিশটি আখৰ আৰু ছয় চৰণ থাকে।

যত দিব্য পক্ষী  ফল ফুল ভক্ষি
 কাঢ়য় সুস্বৰ ৰাৱ।
কুহু কুহু ধ্বনি  কোকিলৰ শুনি
 বহয় মলয় বাৱ॥

কীৰ্ত্তন।

৮৷ ছবি।

 এই ছন্দত দুফাঁকি কথা থাকে। প্ৰত্যেক ফাঁকিত তিনি চৰণ, প্ৰথম আৰু দ্বিতীয় চৰণত আঠোটাকৈ আখৰ আৰু,