পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
বহল ব্যাকৰণ।


কথাত সদাই ছন্দ থাকিব। “নকৰি ভকতি বা ভকতি নকৰি” দুয়োটা ক্ৰমতেই লঘু আৰু গুৰু আখৰৰ ঠাই ঠিক আছে আৰু শব্দ দুটাৰ আখৰৰ সংখ্যাও সিমান।

 ওপৰত কোৱা কথাৰ পৰা এনে বোধ হব পাৰে যে ছন্দ সম্বন্ধে কোনো নিৰ্দ্ধাৰিত নিয়ম নাই, কিন্তু তেনে নহয়। কেতবিলাক ছন্দৰ আখৰ আৰু শব্দৰ লেখ-জোখ থিক হৈ গৈছে। এই বিলাক ছন্দত কথা লিখিবলৈ হলে সেই লেখ- জোখ অনুসাৰে লিখিলেই ছন্দ হয়। এনে বিলাক ছন্দতেই সৰ্ব্বসাধাৰণ কবিয়ে পদ্য লিখে, আৰু সেই বিলাক ছন্দৰ ভিন ভিন নামো হৈছে। কোনো কোনো অসাধাৰণ ক্ষমতা থকা কবিয়ে প্ৰচলিত ছন্দৰ বাহিৰেও অন্য ছন্দ গঢ়ি কবিতা লিখে, তেতিয়া সেই এটা নতুন ছন্দৰ উদ্ভব হয়। এইদৰে অতীজত নানা কবিয়ে নানাবিধ ছন্দ গঢ়িছে। সেই দেখি সংস্কৃত ভাষাত ছন্দৰ সংখ্যা বহুত। সেই ছন্দ এটাই বিলাকৰ নিয়ম প্ৰণালী স্থিৰ হৈ গৈছে। আৰু সংস্কৃত ব্যাকৰণত সিহঁতৰ সবিশেষ বিবৰণ লিখা আছে।

 ২। ছন্দত কথা লিখিলে তাক পদ্য বোলা হয়।
 ৩৷ পদ্য দুবিধ— মিলিতান্ত, অমিলিতান্ত।
 ৪৷ মিলিতান্ত আৰু অমিলিতান্ত পদ্য :– যি ছন্দৰ প্ৰথম শাৰীৰ বা চৰণৰ শেষ আখৰ দ্বিতীয় শাৰী বা চৰণৰ শেষ আখৰৰে সৈতে মিলে তাক মিলিতান্ত পদ্য বোলে। যাৰ তেনেকৈ নিমিলে তাক অমিলিতান্ত পদ্য বোলে। যেনে,