পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাক্যত “মৰিলত” কথাৰ সলনি “চকু মুদিলত” ব্যৱহাৰ কৰা হৈছে। “চকু মুদিলত” কথাৰ সাধাৰণ অৰ্থ “চকু জপালত” কিন্তু সেই অৰ্থত “মুদিলত” কথা ব্যৱহাৰ হোৱা নাই। ইয়াত “চকু মুদিলত” কথাৰ অৰ্থ হৈছে মৰিলত। এইটো মুদিলত কথাৰ বিশেষ অৰ্থ, সাধাৰণ অৰ্থ নহয়৷ এই অৰ্থত মুদিলত কথা কেৱল “চকু মুদিলত” খণ্ডবাক্যতহে ব্যৱহাৰ হয়। সেইদৰে, ওপৰৰ তৃতীয় খণ্ডবাক্য “সন্মত নহল” কথাৰ সলনি তলৰটোৰ তৃতীয় খণ্ডবাক্য “গাত নললে” কথা ব্যৱহাৰ হৈছে; আৰু ওপৰৰটোৰ পঞ্চম খণ্ডবাক্যৰ “এৰি দিবলৈ” কথাৰ ঠাইত তলৰটোৰ ষষ্ঠ খণ্ডবাক্যত “পিঠি দিবলৈ” কথা ব্যৱহাৰ হৈছে। সিহঁতৰো ইয়াত সাধাৰণ অৰ্থ নাই; সিহঁত বিশেষ অৰ্থত ব্যৱহাৰ হৈছে। এই কাৰণে এনেকুৱা খণ্ডবাক্যবিলাকক ভাষাৰ বিশেষ বা জতুৱা খণ্ডবাক্য বোলা যায় আৰু জতুৱা খণ্ডবাক্যত ব্যৱহাৰ হোৱা শব্দৰ সলনি আন শব্দৰ ব্যৱহাৰ কৰিলে খণ্ডবাক্যটোৰ আচল অৰ্থ নাথাকে। যেনে, “চকু মুদিলত” কথাৰ ঠাইত “চকু জপালত” কথা ব্যৱহাৰ কৰিলে কেতিয়াও মৰা নুবুজায়। বিশেষ খণ্ডবাক্যৰ শব্দ লৰচৰ কৰিব নোৱাৰি। এতেকে,

 ৬। যি খণ্ডবাক্যৰ শব্দবিলাকে সিহঁতৰ সাধাৰণ অৰ্থ মাথোন প্ৰকাশ কৰে, তাক সাধাৰণ খণ্ডবাক্য বা বাক্যাংশ বোলে, আৰু যি খণ্ডবাক্যৰ শব্দবিলাকে সিহঁতৰ সাধাৰণ অৰ্থ এৰি আন অৰ্থ প্ৰকাশ কৰে, তাক জতুৱা খণ্ডবাক্য বোলে।