পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৪। সেই নিমিত্তে
 ৫। ( সি পঢ়াশুনা একেবাৰে ) এৰি দিবলৈ
 ৬। বাধ্য হল
 ৪৷ এই খণ্ডবাক্যবিলাকত যিবিলাক শব্দ ব্যৱহাৰ হৈছে, সিহঁতৰ সাধাৰণ চলিত অৰ্থই আছে। সেই দেখি সিহঁতক সাধাৰণ খণ্ডবাক্য বা বাক্যাংশ বোলে।
 আকৌ চোৱা :— “বাপেকে চকু মুদিলত তাৰ পঢ়াৰ খৰচ দিবলৈ কেও গাত নললে, সেই নিমিত্তে, সি পঢ়াশুনাৰ ফালে একেবাৰে পিঠি দিবলৈ বাধ্য হল।”
 এই বাক্যটোৰ আৰু ওপৰত দিয়া বাক্যটোৰ অৰ্থ একে। ইয়াত সাতোটা খণ্ডবাক্য আছে। যেনে:—

 ১। (বাপেকে ) চকু মুদিলত
 ২। (তাৰ) পঢ়াৰ খৰচ দিবলৈ
 ৩। (কেও) গাত নললে৷
 ৪। সেই নিমিত্তে
 ৫। (সি) পঢ়াশুনাৰ ফালে
 ৬। (একেবাৰে) পিঠি দিবলৈ
 ৭৷ বাধ্য হল
 ৫। এই খণ্ডবাক্যবিলাকৰ ভিতৰত ব্যৱহাৰ হোৱা সকলো শব্দৰ সাধাৰণ চলিত অৰ্থ নাই। ওপৰৰ প্ৰথম খণ্ডবাক্যত “মৰিলত” শব্দ ব্যৱহাৰ কৰা হৈছে, ইয়াৰ চলিত অৰ্থ এটা আৰু তাক সকলোৱে জানে। তলৰ প্ৰথম খণ্ড