পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অঃ—মই তোমাৰ কিতাপখন আনিবলৈ ভুলি আহিলোঁ।
শুঃ—মই তোমাৰ কিতাপখন আনিবলৈ পাহৰি আহিলোঁ৷
অঃ—সি কিতাপখন নিবলৈ চায়ছে।
শুঃ—সি কিতাপখন নিব খুজিছে।
অঃ—একাদশীত ভাত খাবলৈ নাপায়।
শুঃ—একাদশীত ভাত খাব নাপায়।
অঃ—সি কামৰ পৰা আহি ভাত খাব ধৰিছে।
শুঃ—সি কামৰ পৰা আহি ভাত খাবলৈ ধৰিছে।
অঃ—খৰচৰ অভাৱত সি পঢ়িব এৰিছে।
শুঃ—খৰচৰ অভাৱত সি পঢ়িবলৈ এৰিছে।

খণ্ডবাক্য।

 ৩। এটা পূৰ্ণ বাক্যত অনেক খণ্ডবাক্য থাকিব পাৰে। ভিন ভিন খণ্ডবাক্যৰ ভিন ভিন অৰ্থ। সেই এটাইবিলাক অৰ্থ গোট খাই পূৰ্ণ বাক্যটোৰ কথা পূৰ হয়। যেনে, “বাপেক মৰিলত তাৰ পঢ়াৰ খৰচ দিবলৈ কেও সন্মত নহল, সেই নিমিত্তে, সি পঢ়াশুনা একেবাৰে এৰি দিবলৈ বাধ্য হল।” এই এটা পূৰ্ণ বাক্য। ইয়াত ছটা সৰু সৰু খণ্ডবাক্য আছে। যেনে:—

 ১। বাপেক মৰিলত
 ২। (তাৰ) পঢ়াৰ খৰচ দিবলৈ
 ৩। (কেও) সন্মত নহল