পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুঃ—-শেৱালী ফুল ৰাতি ফুলে পুৱা সৰে।
অঃ—পূজাৰ পাচত আহিনৰ ২১এ তাৰিখে আমাৰ স্কুল খুলিব।
শুঃ—পূজাৰ পাচত আহিনৰ ২১ তাৰিখে আমাৰ স্কুল বহিব বা হব।
অঃ—সি ঠেহ পাতি বিছনাত শুই আছে।
শুঃ—সি ঠেহ পাতি পাটীত শুই আছে।
অঃ—চিঁৰি উঠা নমা কৰিলে ততালিকে ভাগৰ ধৰে।
শুঃ—খট্‌খটি উঠা নমা কৰিলে ততালিকে ভাগৰ লাগে।
অঃ—সোঁচা কথা কব গলে, ময়েই তাক কথাটো কোৱা হয়।
শুঃ—সঁচা কথা কব লাগিলে, ময়েই তাক কথাটো কোৱা হয়।
অঃ—মোক বাৰ বাৰ এইদৰে বেজাৰ নকৰিবা।
শুঃ—মোক বাৰেবাৰে এইদৰে আমনি নকৰিবা।
অঃ—ইয়াত অতি উত্তম মুগা ও এৰী কাপোৰ পোৱা যায়।
শুঃ—ইয়াত অতি উত্তম মুগা আৰু এৰীৰ কাপোৰ পোৱা যায়।
অঃ—তেহেলৈ যি হওক, মই আৰু তাক নামাতোঁ।
শুঃ—তেহেলৈ যিকি নহওক, মই আৰু তাক নামাতোঁ।
অঃ—তাক ইমানকৈ গালি দিছ কেলৈ?
শুঃ--তাক ইমানকৈ গালি পাৰিছ কেলৈ?
অঃ—লৰাটোক এনেকৈ গালি শপনি নিদিবি।
শুঃ—লৰাটোক এনেকৈ গালি শপনি নকৰিবি।