পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুঃ—কালিৰ পৰা তাৰ সোঁ চকুটো নামিছে।
অঃ—সি যি কৰক, মই তাৰ কি ধাৰ ধাৰোঁ?
শুঃ—সি যিকি নকৰক, মই তাৰ কি ধাৰ খাওঁ?
অঃ—খাচিয়াবিলাকৰ মাইকীৰ সাজপোষাক সুন্দৰ।
শুঃ—খাচিয়াবিলাকৰ মাইকীৰ সাজপাৰ সুন্দৰ।
অঃ—লাম্‌ডিঙত গাৰী প্ৰায় আধা ঘণ্টা থামে।
শুঃ—লাম্‌ডিঙত গাৰী প্ৰায় আদঘণ্টা ৰয়।
অঃ—লৰাটোৰ টোপনি আহিছে, হাই নকৰিবি সি সাৰি পাব।
শুঃ—লৰাটো টোপনি গৈছে, হাই নকৰিবি, সাৰ পাব।
অঃ—তাৰ ৰোজ আবেলি তিনি বজাত জ্বৰ আহে।
শুঃ –তাৰ নিতৌ আবেলি তিনি বজাত জ্বৰ উঠে।
অঃ—সি কালি শিৱসাগৰলৈ যাব।
শুঃ—সি কালিলৈ শিৱসাগৰলৈ যাব।
অঃ — সি অথনি যাব।
শুঃ—সি অথনিকৈ যাব।
অঃ—তেওঁৰ ডাঙৰ ভায়েকৰ আজিকালি ৰুজিৰোজকাৰ নাই।
শুঃ—তেওঁৰ ককায়েকৰ আজিকালি জীৱিকাৰ একো উপায় নাই।
 বা
তেওঁৰ ককায়েকৰ আজিকালি একো উপাৰ্জ্জন নাই।
অঃ—শেৱালী ফুল ৰাতি ফুটে পুৱা সৰে।