পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অঃ—মনে কৰাঁ, সি যেন তোমাৰ ৰূপ কেই টকা নিদিলে।
শুঃ—ধৰাঁ, বা ধৰি লোৱাঁ, সি যেন তোমাৰ ৰূপ কেই টকা নিদিলে।
 বা
বিবেচনা কৰাঁ বা ভাৱাঁ, সি যেন তোমাৰ ৰূপ কেই টকা নিদিলে।
অঃ—এই কিতাপখন মোৰ কি কামত আহিব?
শুঃ—এই কিতাপখন মোৰ কি কামত লাগিব?
অঃ—কলিকতালৈ যোৱা গাৰী দুপৰীয়া চাৰে এটাত এৰে।
শুঃ—কলিকতালৈ যোৱা গাৰী দুপৰীয়া ডেৰটা বজাত যায় বা মেলে।
অঃ—অসমীয়াৰ মনত ফুট্‌বলৰ খেলা লৰাৰ একচেতীয়া (একস্বত্তীয়া)।
শুঃ—অসমীয়াৰ মানত ফুট্‌বলৰ খেলা লৰাৰ এদনীয়া।
অঃ—মোটৰ ওপৰত কব ললে, তাৰ বিলাতলৈ যোৱাটো নহল।
শুঃ—মুঠৰ ওপৰত কব লাগিলে, তাৰ বিলাতলৈ যোৱাটো নহল।
অঃ—হৰিক ১৹৲, গোপালক ১৹৲, মোটত ২৹৲ টকা দিয়া হৈছে।
শুঃ—হৰিক ১৹৲, গোপালক ১৹৲ , মুঠত ২৹৲ দিয়া হৈছে৷
অ—কালিৰ পৰা তাৰ সোঁ চকুটো উঠিছে।