পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুকীয়া ধৰণ, তাৰ আচল তত্ত্ব লাভ কৰিব নোৱাৰে৷ সেই দেখি আমাৰ মানুহে লিখা ইংৰাজী ইংৰাজে লিখা ইংৰাজীৰ নিচিনা প্ৰায় নহয়।

 ভাব প্ৰকাশ কৰিবলৈ আন আন ভাষাৰ যেনে এটা সুকীয়া ধৰণ আছে, সেইদৰে, অসমীয়া ভাষাৰো এটা সুকীয়া ধৰণ আছে। সেই ধৰণটোক তাৰ জতুৱা ঠাচ বোলা হৈছে। সেই ঠাচত কথা নকলে বা নিলিখিলে, সি যথাৰ্থ অসমীয়া নহয়। অসমীয়াত বৰষুণ আনিছে বোলে, জ্বৰ উঠিছে বোলে। এই কথা দুটা আন প্ৰকাৰেও প্ৰকাশ কৰিব পাৰি। যেনে, বৰষুণ দিছে, বৰষুণ পৰিছে, জ্বৰ আহিছে। কিন্তু সেই কথা কেইটা সকলোৱে বুজিব পৰা হলেও, অসমীয়া ঠাচৰ নহল। আজিকালি অসমীয়া মানুহৰ মুখত এনেকুৱা কথা বহুত শুনা যায়। সেই দেখি অসমীয়া ভাষাৰ জতুৱা ঠাচ মতে কি কি বিশেষ্যৰ লগত কি কি ক্ৰিয়া ব্যৱহাৰ হয় তাৰ কিছুমান উদাহৰণ তলত দিয়া হল।

১। ভিন ভিন বিশেষ্যৰ লগত জতুৱা ঠাচৰ ক্ৰিয়া।

ভোক গুচে বা পলায়
পিয়াহ গুচে বা পলায়
জাৰ পলায়
জহ গুচে

   

ভোক, পিয়াহ, জাৰ, জহ লাগে
জুই লাগে
জুই উঠে
জুই ধৰে