পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
বহল ব্যাকৰণ।

উচ্চাৰিত হয়। যেনে, কৃষ্ণ, দুষ্ট, কষ্ট, চৈধ্য, বৈদ্য, ভদ্ৰ, সন্ত, মহন্ত।

 ৩৮। শব্দৰ অন্তত ৱ থাকিলে, তাৰ অ-কাৰ উচ্চাৰিত হয়। যেনে, জীৱ, দেৱ।

 ৩৯। শব্দৰ অন্তৰ ব্যঞ্জনৰ আগত যদি অনুস্বাৰ বা বিসৰ্গ থাকে, তেনেহলেও অন্তৰ ব্যঞ্জনৰ অ-কাৰ উচ্চাৰিত হয়। যেনে, বংশ, কংশ, ধ্বংস, দুঃখ।

 ৪০। ঈ আৰু উ-ৰ উচ্চাৰণ ই আৰু উ-ৰ নিচিনা হয়।

 ৪১। এ দুই প্ৰকাৰে উচ্চাৰিত হয়। এক প্ৰকাৰে কণ্ঠৰ পৰা। যেনে, এক, এওঁ, এঙ্গাৰ। আন প্ৰকাৰে মূৰৰ পৰা। যেনে, এই, এতিয়া।

 ৪২। চ ছ সংস্কৃত ভাষাত স যেনেকৈ উচ্চাৰিত হয়, সেই দৰে উচ্চাৰিত হয়।

 ৪৩। জ ঝ-ৰ উচ্চাৰণৰ ভিতৰতো একো প্ৰভেদ নাই, দুয়ো জ-ৰ দৰে উচ্চাৰিত হয়।

 ৪৪। ন ণ একে দৰে উচ্চাৰিত হয়।

 ৪৫। য আখৰ শব্দৰ আদিত থাকিলে, জ-ৰ দৰে উচ্চাৰিত হয়। যেনে, যম, যত্ন, যদি। শব্দৰ মাজত বা অন্তত থাকিলে সি অ-ৰ দৰে উচ্চাৰিত হয়। যেনে, জয়, পয়োভৰ, প্ৰয়োজন।

 ৪৬। ৱ আখৰৰ পৰা অ ওলাই গলে, সি উ উচ্চাৰিত হয়। যেনে, দেৱ—দেউ, জীৱ—জীউ, দাৱনি—দাউনি,