পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বহল ব্যাকৰণ।

 ২৫। শ ষ স হ, এই বৰ্ণ কেইটা উচ্চাৰণ কৰোঁতে মুখৰ বায়ু উষ্ম, অৰ্থাৎ' তপত হৈ ওলায়, সেই দেখি সিহঁতক উষ্মবৰ্ণ বোলে।


উচ্চাৰণ অনুসাৰে বৰ্ণ ভাগ।

 ২৬। অ আ ক খ গ ঘ ঙ হ ঃ, এই কেইটা বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক কণ্ঠ্যবৰ্ণ বোলে।

 ২৭। ই ঈ এ ঐ চ ছ জ ঝ ঞ য শ, এই কেইটা বৰ্ণ তালুৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক তালব্যবৰ্ণ বোলে।

 ২৮। ঋ ৠ ট ঠ ড ঢ ণ ধ ষ, এই কেইটা বৰ্ণ মূৰৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক মূৰ্দ্ধন্যবৰ্ণ বোলে।

 ২৯। ত থ দ ধ ন ল ৱ স, এই কেইটা বৰ্ণ দাঁতৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক দন্ত্যবৰ্ণ বোলে।

 ৩০। উ ঊ ও ঔ প ফ ব ভ ম, এই কেইটা বৰ্ণ ওঠৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক ওষ্ঠ্যবৰ্ণ বোলে।

 ৩১। ঙ ঞ ণ ন ম ং, এই কেইটা বৰ্ণ কণ্ঠ তালু আদিৰ পৰা উচ্চাৰিত হলেও নাকী সুৰত উচ্চাৰিত হয়, সেই দেখি সিহঁতক অনুনাসিক বৰ্ণও বোলে।

 ৩২। বৰ্গীয় বৰ্ণবিলাকৰ ভিতৰত প্ৰত্যেক বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল, সেই দেখি সিহঁতক