পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বহুল ব্যাকৰণ।

আকাৰক ৰেফ্‌, বোলে। ৰেফ্‌ যোগ হলে, ক বৰ্গৰ বৰ্ণ আৰু উষ্ম বৰ্ণৰ বাজে প্ৰায় সকলো বৰ্ণৰ দ্বিত্ব হয়, অৰ্থাৎ সেই বৰ্ণ দুটা হয়। যেনে, পূৰ্ব্ব, ধৰ্ম্ম, কাৰ্য্য।

ব্যঞ্জনবৰ্ণৰ ভাগ।

 ২১। ব্যঞ্জনবৰ্ণবিলাকৰ ভিতৰত ক-ৰ পৰা ম লৈকে বৰ্ণবিলাকক উচ্চাৰণ কৰোঁতে জিভাৰ কোনো এটা অংশে মুখৰ কোনো এটা অংশক স্পৰ্শ নকৰাকৈ নোৱাৰে। সেই দেখি সিহঁতক স্পৰ্শবৰ্ণ বোলে।

 ২২। স্পৰ্শবৰ্ণবিলাকক পাঁচ ভাগ কৰা হৈছে। তাৰ একো ভাগক বৰ্গ বোলা হয়।

১। ক খ গ ঘ ঙ—ক বৰ্গ।
২। চ ছ জ ঝ ঞ—চ বৰ্গ।
৩। ট ঠ ড ঢ ণ—ট বৰ্গ।
৪। ত থ দ ধ ন—ত বৰ্গ।
৫ প ফ ব ভ ম—প বৰ্গ।

 ২৩। প্ৰত্যেক স্পৰ্শবৰ্ণ এই বৰ্গবিলাকৰ এটা নহয় এটাৰ ভিতৰত পৰে, সেই দেখি সিহঁতক বৰ্গীয় বৰ্ণও বোলে।

 ২৪। য ৰ ল ৱ, এই বৰ্ণ কেইটা স্পৰ্শবৰ্ণ আৰু উষ্মবৰ্ণৰ (তলত চোৱাঁ) মধ্যত আছে, সেই দেখি সিহঁতক অন্তঃস্থবৰ্ণ বোলে।