পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বহল ব্যাকৰণ।


 ৬। অ ৯ ৡ, এই কেইটাত বাজে আনবিলাক স্বৰবৰ্ণৰ আকৃতি দুই প্ৰকাৰ। আ ই ঈ আদি আকৃতি সিহঁতৰ আচল আকৃতি, সেই বাবে সিহঁতক স্বৰবৰ্ণৰ মূল আকৃতি বোলা যায়।

 ৭। স্বৰবৰ্ণ আন কোনো বৰ্ণত যোগ দিবলৈ হলে, সিহঁতৰ আকৃতি ভিন হয়। যেনে, আ = া, ই = ি, ঈ = ী ,উ = ু, ঊ=ূ , এ = ে, ঐ = ৈ, ও =ো , ঔ=ৌ ইহঁতক স্বৰবৰ্ণৰ যৌগিক আকৃতি বোলা যায়।

 অ-কাৰৰ যৌগিক আকৃতি নাই। সেই দেখি সি আন বৰ্ণত যোগ হলে, বাজত তাৰ কোনো চিন নাথাকে।

স্বৰবৰ্ণৰ ভাগ।

 ৮। স্বৰবৰ্ণ দুবিধ :–হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ।

 ৯। যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ চুটি, সিহঁতক হ্ৰস্ব স্বৰ বোলে। হ্ৰস্ব স্বৰ পাঁচোটা :— অ ই উ ঋ ৯।

 ১০। যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ দীঘল, সিহঁতক দীৰ্ঘ স্বৰ বোলে। দীৰ্ঘ স্বৰ নটা :– আ ঈ ঊ ঋ ৡ এ ঐ ও ঔ।

 ১১। ৰিং মাৰোঁতে, গীত গাওঁতে, আৰু কান্দোতে কোনো কোনো স্বৰবৰ্ণৰ উচ্চাৰণ বৰ দীঘল হয়। তেনেকুৱা স্বৰবিলাকক প্লুত স্বৰ বোলে। হ্ৰস্ব দীৰ্ঘ, দুয়োবিধ স্বৰেই সময় বিশেষত প্লুত হব পাৰে।