পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
বহল ব্যাকৰণ।

 ১০৭। পাট—সেই দৰে, নিৰ্দ্দেশ অৰ্থত, চেপেটা ঠেক বস্তুৰ নামৰ পাচত পাট ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ পাটি ব্যৱহাৰ হয়। যেনে, বঠাপাট বা বঠাপাটি, খাপৰপাট বা খাপৰপাটি, শৰপাট বা শৰপাটি।

 ১০৮। চটা—ইও, সেইদৰে, নিৰ্দেশ অৰ্থত, চেপেটা ঠেক বস্তুৰ নামৰ পাচত ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ চটি ব্যৱহাৰ হয়। যেনে, চিৰিচটা বা চিৰিচটি, কামিচটা বা কামিচটি, পাটচটা বা পাটচটি। চটাৰ সলনি কেতিয়াবা চলা বা চলি ব্যৱহাৰ হয়।যেনে, পাটচলা (কাঠৰ পাট) বা পাটচলি।

 ১০৯। যি বস্তুৰ নামৰ পাচত পাট ব্যৱহাৰ হয়, সেই বস্তু বৰ ঠেক হলে প্ৰায় চটা ব্যৱহাৰ হয়। যেনে, বঠাপাট কিন্তু চিৰিচটা। বঠাতকৈ চিৰি বহুত গুণে ঠেক।

 ১১০৷ এইবিলাক শব্দ বা প্ৰত্যয় এক শব্দত যোগ হৈ কোনো সংজ্ঞা শব্দৰ আগত বা পাচত থাকিলে, সি তেতিয়া সেই বস্তুটোক বিশেষকৈ নিৰ্দ্দেশ কৰা নুবুজায়, সেই বিধ বস্তুৰ যেই সেই এটাক বুজায়। যেনে, এটা লৰা বা লৰা এটা। ইয়াত যেই সেই এটা লৰাক বুজাইছে।

 ১১১। দুই বা অধিক বুজুৱা শব্দত এই বিলাক প্ৰত্যয় যোগ হৈ যদি সি কোনো সংজ্ঞা শব্দৰ আগত থাকে, তেনেহলে সি সেই বস্তুক বিশেষকৈ নিৰ্দেশ কৰা নুবুজায়, সেই বিধ বস্তুৰ, সেই সংখ্যাৰ যেই সেইবিলাকক বুজায়।