পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বহল ব্যাকৰণ।


 ৩। যি পুথি পঢ়িলে অসমীয়া ভাষাত শুদ্ধৰূপে কথা কবলৈ আৰু লিখিবলৈ শিকা যায়, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে।

বৰ্ণ প্ৰকাশ।

 ৪। মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লিখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোৰে একোটা চিন ব্যৱহাৰ কৰা হৈছে। সেই চিনবিলাকক বৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে।

 সংস্কৃত ভাষা লিখিবলৈ যিবিলাক আখৰ ব্যৱহাৰ কৰা হয়, অসমীয়া লিখিবলৈকো সেইবিলাক আখৰ ব্যৱহাৰ কৰা হয়।

 সংস্কৃত বৰ্ণমালাত মুঠত পঞ্চাশটা আখৰ আছে :–অ আ ই ঈ উ ঊ ঋ ৠ ৯ ৡ এ ঐ ও ঔ, ং ঃ, আৰু ক খ গ ঘ ঙ চ ছ জ ঝ ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ শ ষ স হ ক্ষ।

 এই আখৰবিলাকক দুভাগ কৰা হৈছে। এভাগৰ আখৰক স্বৰবৰ্ণ, আৰু এভাগৰ আখৰক ব্যঞ্জনবৰ্ণ বোলে৷

 ৫। যিবিলাক আখৰক আন কোনো আখৰৰ সহায় নোহোৱাকৈ উচ্চাৰণ কৰিব পাৰি, সিহঁতক স্বৰবৰ্ণ বোলে। স্বৰবৰ্ণ মুঠত চৈধ্যটা:—অ আ ই ঈ উ ঊ ঋ মা ৯ ৡ এ ঐ ও ঔ। সংস্কৃতত স্বৰবৰ্ণবিলাকক অচ্‌ নাম দিয়া হৈছে।