পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
বহল ব্যাকৰণ।

সংখ্যাক তাকৰ বুজাবলৈ টা টি হয়। যেনে, বাৰটা, কুৰিটা, বাৰটি, কুৰিটি।

 ৯৮। পাঁচ, সাত, আঠ আৰু দহ সংখ্যাবোধক শব্দৰ পাচত টা থাকিলে, সিহঁতৰ শেষ বৰ্ণত ও-কাৰ যোগ হয়। যেনে, পাঁচোটা, সাতোটা, আঠোটা, দহোটা। কিন্তু পাচত টি থাকিলে, সিহঁতৰ শেষ বৰ্ণত উ-কাৰ যোগ হয়। যেনে, পাঁচুটি, সাতুটি, আঠুটি, দহুটি।

 ৯৯। টো আৰু টি ভাববোধক কৃদন্ত শব্দৰ পাচতো ব্যৱহাৰ হয়। যেনে, তাৰ পঢ়াটো নহল বা তাৰ পঢ়াটি নহল।

 ১০০। কণ—ই পুং স্ত্ৰী দুয়ো লিঙ্গত সৰু বা আদৰ বুজাবলৈ মানুহ বা জন্তু বুজুৱা শব্দৰ পাচত কোনো এটাক বিশেষকৈ বুজাবলৈ ব্যৱহাৰ হয়। যেনে, লৰাকণ, ছোৱালীকণ, দামুৰিকণ, পোৱালিকণ। তাকে আৰু সৰু বুজাবলৈ কণি ব্যৱহাৰ হয়। কণিৰ স্ত্ৰী লিঙ্গত কণী হয়। যেনে, লৰাকণি, ছোৱালীকণী।

 ১০১। অলপ বুজাবলৈ কণ আৰু কণি বস্তু বুজুৱা শব্দৰ পাচতে৷ ব্যৱহাৰ হয়। যেনে, লোণকণ, তেলকণ, ঘিউকণি, চেনিকণি।

 ১০২। ফেৰা—ই সাধাৰণতঃ বস্তু বুজুৱা শব্দৰ পাচত, তাক বিশেষকৈ দেখুৱাবলৈ ব্যৱহাৰ হয়। যেনে, লোণ ফেৰা, চেনি ফেৰা। তাকে আৰু তাকৰ দেখুৱাবলৈ ফেৰি ব্যৱহাৰ হয়। যেনে, লোণ ফেৰি, চেনি ফেৰি।