পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
বহল ব্যাকৰণ।

 ৮৮। সংস্কৃত মূল শব্দ পিতৃ, মাতৃ, ভ্ৰাতৃ আদি শব্দত এনেবিলাক প্ৰত্যয় যোগ নহয়। যেনে, তোৰ পিতৃ, মাতৃ। তোমাৰ পিতৃ, মাতৃ, আপোনাৰ বা তেখেতৰ পিতৃ, মাতৃ। কিন্তু পিতা, মাতা শব্দ সংস্কৃত হলেও, অসমীয়া ভাষাত চিৰকাল ব্যৱহাৰ হোৱা বাবে, সিহঁত অসমীয়া জতুৱা শব্দ যেন হৈছে। সেই দেখি সিহঁতত ওপৰত উল্লেখ কৰা প্ৰত্যয়বিলাক যোগ হয়।

বিশেষ বিশেষ শব্দত বিশেষ বিশেষ প্ৰত্যয়।

 ৮৯। কোনো কোনো প্ৰত্যয় এটা বা দুটা বিশেষ শব্দত মাথোন যোগ হয়। সিহঁতক মুঠত দেখুউৱা হ'ল। প্ৰত্যয় যোগ দিলে শব্দবিলাকত যি লৰচৰ হয়, তাক উদা- হৰণত চাই লোৱা। যেনে—

প্ৰত্যয়।
কি
উৰা
উৱৈ


অনীয়া

 

যি অৰ্থত প্ৰয়োগ।
পাৰ্গত বা অভিলাষ অৰ্থত
 
 
 
 
জোখ বুজাবলৈ

 

সিদ্ধ পদ।
কথকি
দন্দুৰা, স্ত্ৰী দন্দুৰী
মাছুৱৈ, স্ত্ৰী মাছতী
গছুৱৈ
ঘাটুৱৈ, ঘাটৈ
আঠুৱনীয়া