পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
বহল ব্যাকৰণ।

আকোৰগোজালি,মুনিহ – মুনিহালি,পুৰুষ—পুৰুষালি, বান্দৰ—বান্দৰালি, ছাগল—ছাগলালি, গৰু—গৰুৱালি।

 আৰু যেনে (ব্যৱসায় বুজাবলৈ), বেজ—বেজালি, ওজা—ওজালি, পুৰুহিত—পুৰুহিতালি, ঘটক—ঘটকালি, নায়ক নায়কালি।

 ৭২। ভাবাৰ্থত, বৰ আৰু মুনিহ শব্দত আই প্ৰত্যয় হয়। আই প্ৰত্যয় হলে, মুনিহ শব্দৰ হ মৰি ষ হয়। যেনে, বৰ—বৰাই, মুনিহ—মুনিষাই।

 ভাবাৰ্থত ভাল শব্দত অৰি প্ৰত্যয় হয়। যেনে, ভাল— ভালৰি।

অনি।

 ৭৩। জুৰি থকা অৰ্থত, শব্দৰ পাচত অনি প্ৰত্যয় হয়। যেনে, ধান—ধাননি, মাহ—মাহনি, বন—বননি, ফুল— ফুলনি, নৰা—নৰাণি, চুৱা—চুৱানি, চুৱাপাত—চুৱাপাতনি, বৰি—বৰিয়নি, বাকৰি—বাকৰিয়নি, চপৰা—চপৰাণি, উলু— উলুৱনি, ঔ—ঔৱনি, ইত্যাদি।

তলী।

 ৭৪। ইয়াত ৰোৱা যায়, এই অৰ্থত ধান, মাহ আদি শব্দত তলী প্ৰত্যয় হয়। যেনে, ধান ইয়াত বোৱে, ধান— ধানতলী, সেইদৰে, মাহতলী, সৰিয়হতলী, কঠিয়াতলি,

ইত্যাদি।

১১