পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
বহুল ব্যাকৰণ।

ঘৰ—ঘৰুৱা, পৰত পোৱা যায়, পৰ—পৰুৱা, ডালত থাকে, ডাল—ডলুৱা। সেইদৰে, বজৰুৱা, পথৰুৱা, বিহুৱা, জেঠুৱা, খেলুৱা।

 ৬৩। খোৱা বা সম্বন্ধ অৰ্থত, কেতবিলাক শব্দত উৱা প্ৰত্যয় হয়। যেনে, ভাত—ভতুৱা, মাছ—মছুৱা।

 ৬৪। সদৃশ অৰ্থত, কেতবিলাক শব্দত উৱা প্ৰত্যয় হয়। যেনে, কপাহৰ সদৃশ, কপাহ—কপহুৱা। সেইদৰে, পিত-লুৱা, চকুৱা৷ (দীপচকু)।

 ৬৫। কাজ, সাৰ, হাড়, আৰু লাড়ু আদি শব্দত উৱা প্ৰত্যয় হলে, সিহঁতৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ নহয়। যেনে, (ওপৰত চোৱাঁ) কাজুৱা, সাৰুৱা, হাড়ূৱা, লাড়ুৱা।

 ৬৬। আলাহ আৰু আলান্ধু শব্দত উৱা প্ৰত্যয় হলে, সিহঁতৰ ৰূপ লৰি আলাহ এলাহ হয়, আৰু আলান্ধু এলান্ধু হয়। যেনে, আলাহ এলেহুৱা, আলান্ধু—এলান্ধুৱা, আলান্ধুৱাও হয়।

ওৱা।

 ৬৭। চলায় অৰ্থত হাল, জাল আদি শব্দত ওৱা প্ৰত্যয় যেনে, হাল-হালোৱা, জাল—জালোৱা।

আল।

 ৬৮। আছে বা তাত বাস, এই অৰ্থত, শব্দত আল প্ৰত্যয় হয়। আল প্ৰত্যয় হলে, শব্দৰ শেষৰ অনুস্বাৰ ঙ বা ঙ্গ হয়। যেনে, চাপৰিত বাস চাপৰি—চাপৰিয়াল, দাঁতিত