পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
বহল ব্যাকৰণ।

বুলি ধৰা যুগুত। বিশেষতঃ সংস্কৃতত দুঃখ শব্দত ইন্ প্ৰত্যয় কৰি দুঃখী হৈছে, কিন্তু কোনো অসমীয়াই দুঃখী নোবোলে অসমীয়া শব্দ দুখ, তাত ঈ প্ৰতায় কৰি দুখী হৈছে। সেইদৰে সংস্কৃত ভোগী, অসমীয়া ভুগী, সংস্কৃত ৰোগী, অসমীয়৷ ৰুগী বা ৰুগীয়া৷

 ৫১। ব্যৱসায় বা জীবিকা বুজাবলৈ শব্দত ঈ প্ৰত্যয় হয়। যেনে, মৌজাদাৰৰ ব্যৱসায়; মৌজাদাৰ—মৌজাদাৰী, সাধনিদাৰৰ ব্যৱসায়, সাধনিদাৰ—সাধনিদাৰী। সেই দৰে, গোলাদাৰ—গোলাদাৰী, মহলদাৰ—মহলদাৰী।

 ৫২। ইয়াত জন্ম বা বাস, এই অৰ্থত শব্দৰ পাচত ঈ প্ৰত্যয় হয়। যেনে, জাপানত জন্ম, জাপান—জাপানী, হিন্দুস্থানত বাস বা জন্ম, হিন্দুস্থান—হিন্দুস্থানী, সেই দৰে, পঞ্জাবী, নেপালী, মাদ্ৰাজী।

ঈয়া।

 ৫৩। আছে অৰ্থত, শব্দৰ পাচত ঈয়া প্ৰত্যয় হয়। ঈয়৷ প্ৰত্যয় হলে, শব্দৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ, আৰু ও মৰি উ হয়। যেনে, পানী আছে, পানী+ঈয়া =পনীয়া, মাটি আছে, মাটি+ঈয়া = মটীয়া। সেই দৰে, জঁট—জঁটীয়া, ডাঁৰি—ডঁৰীয়া, নাল—নলীয়া, বালি—বালীয়া, ডাব—ডবীয়া, আৰু যেনে, জোল—জুলীয়া, লোণ—লুণীয়া, যোৰ—যুৰীয়া, সমান—সমনীয়া, গোঁফ—গুফীয়া।

 আৰু যেনে, (ব্যৱসায় অৰ্থত) ঢোল—ঢুলীয়া, খোল—