পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
বহল ব্যাকৰণ।

ঈয়স্ প্ৰত্যয় কৰি অনিয়মিত ৰূপে, অৰ্থাৎ নিপাতনত সিদ্ধ হৈছে।

 ২৩। দুটাৰ ভিতৰত এটাৰ উৎকৰ্ষ বুজাবলৈ শব্দৰ পাচত

তৰ, তম।

তৰ, আৰু বহুতৰ ভিতৰত এটাৰ উৎকৰ্ষ বুজাবলৈ তম প্ৰত্যয় হয়। যেনে, ই ইয়াতকৈ গুৰু—গুৰুতৰ, ই সকলোতকৈ গুৰু—গুৰুতম। সেইদৰে, লঘুতৰ লঘুতম, বৃহত্তৰ বৃহত্তম, ক্ষুদ্ৰতৰ ক্ষুদ্ৰতম, ইত্যাদি।

 ২৪। আছে অৰ্থত শব্দৰ পাচত ইল, শ, ৰ, ল, বল আদি প্ৰত্যয় যোগ হয়। যেনে,

ইল।

 ফেন, পঙ্ক আদি শব্দৰ পাচত, আছে অৰ্থত ইল প্ৰত্যয় হয়। যেনে, ফেন—ফেনিল, পঙ্ক–পঙ্কিল, জটা—জটিল, কুট—কুটিল।

শ।

 লোম, কৰ্ক আদি শব্দৰ পাচত, আছে অৰ্থত শ প্ৰত্যয় হয়। যেনে, লোম—লোমশ, কৰ্ক—কৰ্কশ।

ল।

 আছে অৰ্থত, শব্দৰ পাচত ল প্ৰত্যয় হয়। যেনে, বৎস—বৎসল, মাংস—মাংসল, শীত—শীতল, শ্যাম—শ্যামল, শ্ৰী—শ্ৰীল।