পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
বহল ব্যাকৰণ

নিদ্ৰা—নিদ্ৰালু, তন্দ্ৰা—তন্দ্ৰালু, কৃপা—কৃপালু, শ্ৰদ্ধা—শ্ৰদ্ধালু, ইত্যাদি।

ইষ্ট, ঈয়স্।

 ১৮। বহুতৰ ভিতৰতএটাৰ উৎকৰ্ষ বুজাবলৈ শব্দৰ পাচত ইষ্ঠ প্ৰত্যয় হয়; ই সকলোতকৈ লঘু, লঘু+ইষ্ঠ = লঘিষ্ঠ, ই সকলোতকৈ গুৰু, গুৰু ইষ্ট=গৰিষ্ঠ, ইত্যাদি। ইষ্ট প্ৰত্যয় যোগ কৰাত লঘু আৰু গুৰু শব্দৰ কেনে পৰিবৰ্ত্তন হৈছে, তাক চোৱাঁ। লঘু গুচি লঘ আৰু গুৰু গুচি গৰ হৈছে। সেইদৰে, বল—বলিষ্ঠ, বলীয়ান্, ইত্যাদি।

 ১৯৷ দুটাৰ ভিতৰত এটাৰ উৎকৰ্ষ বুজাবলৈ শব্দৰ পাচত ঈয়স্ প্ৰত্যয় হয়। যেনে, ইয়াতকৈ ই লঘু, লঘু+ঈয়স্= লম্বীয়স্, প্ৰথম৷ বিভক্তিৰ এক বচনত লঘীয়ান্, স্ত্ৰী লঘীয়সী, সেইদৰে, গুৰু—গৰীয়ান, স্ত্ৰী গৰীয়সী।

 ২০। ইন্ঠ, ঈয়স্ প্ৰত্যয় পাচত থাকিলে, প্ৰশস্থ্য শব্দৰ ঠাইত প্ৰ আৰু জ্য হয়, আৰু বৃদ্ধ শব্দৰ ঠাইত বৰ্ষ আৰু জ্য হয়। জ্য হলে, ঈয়সৰ ঈ মৰি অ হয়। যেনে, প্ৰশস্থ্য— শ্ৰেষ্ঠ, জ্যেষ্ঠ, শ্ৰেয়ান্, জ্যায়ান্, বৃদ্ধ-বৰ্ষিষ্ঠ, জ্যেষ্ঠ, বৰ্ষীয়ান, জ্যায়ান।

 ২১। ইষ্ঠ, ঈয়স্ প্ৰত্যয় পাচত থাকিলে, অল্প শব্দৰ ঠাইত কেতিয়াবা কন্ হয়, নহৈও থাকে। যেনে, অল্প- কনিষ্ঠ বা অল্পিষ্ঠ, কনীয়ান্ বা অল্পীয়ান্।

 ২২। ভূয়িষ্ঠ আৰু ভূয়ান্ শব্দ বহু শব্দত ইষ্ঠ আৰু