পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
বহল ব্যাকৰণ।

 ১। অপত্য অৰ্থত, অৰ্থাৎ ই তাৰ সন্তান, এই অৰ্থাৎ শব্দত ষ্ণ, ফি, ফ্য, ষ্ণেয়, আৰু ষ্ণায়ণ প্ৰত্যয় হয়। ইহঁতৰ য আৰু ন ইৎ যায়, থাকে ক্ৰমে অ, ই, য, এয় আক আয়ন।
 ষ্ণ প্ৰত্যয়ৰ যোগত সিদ্ধ:— মনুৰ সন্তান, মনু + ষ্ণ = মানব, পাণ্ডুব সন্তান, পাণ্ডু+ষ্ণ=পাণ্ডব। সেইদৰে, যদু – যাদব, কুৰু – কৌৰব, দনু – দানব, বসুদেব – বাসুদেব, কশ্যপ — কাশ্যপ, স্ত্ৰী কাশ্যপী, দুহিতৃ দৌহিত্ৰ, স্ত্ৰী দৌহিত্ৰী।
 ঞ্চি প্ৰত্যয়ৰ যোগত সিদ্ধ:– দশৰথৰ সন্তান, দশৰথ+ ঞ্চি = দাশৰথি, ৰাৱণৰ সন্তান, ৰাৱণ + ষ্ণি =ৰাৱণি। সেইদৰে অৰ্জুন – আৰ্জুনি, সুমিত্ৰা – সৌমিত্ৰি, জনক – স্ত্ৰী জানকী, বল্মীক—বাল্মীকি।
 ষ্ণ্য প্ৰত্যয়ব যোগত সিদ্ধ :– অদিতিব সন্তান, অদিতি + ষ্ণ্য = আদিত্য, জমদগ্নিৰ সন্তান, জমদগ্নি + ষ্ণ্য = জামদগ্ন্য। সেইদৰে, গৰ্গ – গাৰ্গ্য ইত্যাদি।
 ঞ্চেয় প্ৰত্যয়ৰ যোগত সিদ্ধ :—ভগিনীৰ সন্তান, ভগিনী +ঞ্চেয় = ভাগিনেয় স্ত্ৰী ভাগিনেয়ী, বিমাতৃৰ সন্তান, বিমাতৃ +ষ্ণেয় = বৈমাত্ৰেয়, স্ত্ৰী বৈমাত্ৰেয়ী, কুন্তী – কৌন্তেয়, ইত্যাদি।
 ষ্ণায়ন প্ৰত্যয়ৰ যোগত সিদ্ধ:– নৰৰ সন্তান, নৰ + ষ্ণায়ন = নাৰায়ণ স্ত্ৰী নাৰায়ণী, দক্ষৰ সন্তান, দক্ষ+ষ্ণায়ন=দাক্ষায়ণ স্ত্ৰী দাক্ষায়ণী। সেইদৰে, কত্য – কাত্যায়ন স্ত্ৰী কাত্যায়ণী।