পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
বহল ব্যাকৰণ।

 ৬।প্ৰত্যয় শব্দত যোগ দিলে, প্ৰত্যয়ৰ যি অংশ লোপ হয়, তাক ইৎ যোৱা বোলে।

 ৭। শব্দৰ শেষ বৰ্ণৰ আগৰ বৰ্ণক উপধা বোলো।

সংস্কৃত তদ্ধিত প্ৰত্যয়।

 ৮। শব্দত তদ্ধিত প্ৰত্যয় যোগ দিবৰ সাধাৰণ নিয়ম।
 (ক) প্ৰত্যয়ৰ ণ ইৎ গলে, শব্দৰ আদি স্বৰ বৃদ্ধি হয়।
কিন্তু সুভগা, দুৰ্ভগা, পৰলোক, সুহৃৎ আদি শব্দৰ দুয়ো পদৰ আদি স্বৰ বৃদ্ধি হয়।
 (খ) প্ৰত্যয়ৰ স্বৰ বৰ্ণ আৰু য পাচত থাকিলে, শব্দৰ শেষৰ অ, আ, ই, ঈ লোপ হয়, কিন্তু উ ঊ গুণ হয়।
 (গ)ঋ, ও, আৰু ঔ-কাৰৰ পাচত থকা প্ৰত্যয়ৰ য স্বৰ বৰ্ণ স্বৰূপ হয়।
 (ঘ)প্ৰত্যয়ৰ ড ইৎ গলে, শব্দৰ শেষ বৰ্ণ লোপ হয়।
 (ঙ) প্ৰত্যয়ৰ ণ ইৎ গলে, ব্যাকৰণ, ন্যায়, দ্বাৰ আদি শব্দৰ আদি স্বৰৰ পৰা হোৱা য আৰু ব মৰি ক্ৰমান্বয়ে ইয়্‌ আৰু উব্ হয়।

 যিবিলাক প্ৰত্যয়ৰ দ্বাৰা সিদ্ধ পদ অসমীয়া সাহিত্যত পোৱা যায়, সেইবিলাক প্ৰত্যয় মাথোন ইয়াত দিয়া

হল।