পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নবম অধ্যায়।
⸺:✱:⸺
তদ্ধিত প্ৰকৰণ

 ১। যি প্ৰণালীত এটা শব্দত নানাবিধ প্ৰত্যয় যোগ দি নতুন শব্দ প্ৰস্তুত কৰা হয়, তাক তদ্ধিত বোলে, আৰু প্ৰত্যয়বিলাকক তদ্ধিত প্ৰত্যয় বোলা যায়।

 ২। অব্যয় শব্দ আৰু ক্ৰিয়াবিশেষণৰ বাজে প্ৰায় সকলো শব্দত তদ্ধিত প্ৰত্যয় যোগ হয়।

 ৩। তদ্ধিত প্ৰত্যয় দুবিধ:– সংস্কৃত তদ্ধিত প্ৰত্যয় আৰু অসমীয়া তদ্ধিত প্ৰত্যয়। সংস্কৃত প্ৰত্যয় সংস্কৃত শব্দত আৰু অসমীয়৷ প্ৰত্যয় অসমীয়া শব্দত যোগ হয়। কেতবিলাক সংস্কৃত তদ্ধিত প্ৰত্যয় অসমীয়া ভাষাত গ্ৰহণ কৰা হৈছে, সেইবিলাক অসমীয়া শব্দত যোগ দিব পাৰি।


 ৪। ই ঈ ৰ ঠাইত এ, উ ঊ ৰ ঠাইত ও, ঋ ঋ ৰ ঠাইত অৰ হলে সিহঁতৰ গুণ হোৱা বোলে।


 ৫। অ ৰ ঠাইত আ, ই ঈ ৰ ঠাইত ঐ, উ ঊ ৰ ঠাইতঔ,

ঋ ঋ ৰ ঠাইত আৰ হলে সিহঁতৰ বৃদ্ধি হোৱা বোলে।