পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
বহল ব্যাকৰণ।

কৃদন্ত পদেৰে সৈতে গোট খাই আছে, সেই দেখি সিহঁতক সমাস বোলা হয়। আৰু প্ৰ—হৃ+ঘঞ্‌ =প্ৰহাৰ, উপ— কৃ+নিন্=উপকাৰী। এই দুটা উপসৰ্গেৰে সৈতে হোৱা ধাতুৰ সমাস। ইহঁতক কেতিয়াও বিলগ কৰি থব নোৱাৰি। এতেকে সিহঁত নিত্য সমাস।