পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
বহল ব্যাকৰণ।


 অভাব অৰ্থৰ ন, নিৰ্ আদি অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:— সুখৰ অভাব=অসুখ, ৰোগৰ অভাব=নীৰোগ, দায়ৰ অভাৱ=নিৰ্দ্দায়। সেইদৰে, দুৰ্ভিক্ষ, নিৰ্ব্বিঘ্ন, বিনাধন।
 পশ্চাৎ অৰ্থৰ অনু অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—পাচত যায় = অনুসৰণ, পাচত চাই কৰে=অনুকৰণ, পাচত যায় যি=অনুচৰ।
 যোগ্য অৰ্থৰ প্ৰতি অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—ৰূপৰ যোগ্য=প্ৰতিৰূপ, আকৃতিৰ যোগ্য=প্ৰতিকৃতি, শব্দৰ যোগ্য=প্ৰতিশব্দ।
 অনতিক্ৰম অৰ্থৰ যথা অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—শক্তিক অতিক্ৰম নকৰি=যথাশক্তি, বিধিক অতিক্ৰম নকৰি=যথাবিধি।
 সদৃশ অৰ্থৰ অনু আৰু উপ অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—ৰূপৰ সদৃশ=অনুৰূপ, স্বৰৰ(মাতৰ) সদৃশ কৰা=অনুকাৰ, দ্বীপৰ সদৃশ=উপদ্বীপ।
 পৰ্য্যন্ত অৰ্থৰ যাবৎ আৰু আ অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—জীৱন যাবৎ=যাবজ্জীৱন বা আজীৱন, কণ্ঠ পৰ্য্যন্ত=আকণ্ঠ, জানু( আঠু )পৰ্য্যন্ত=আজানু।
 বীপ্সা অৰ্থৰ প্ৰতি, অনু আদি অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:— দিনে দিনে=প্ৰতিদিন, ঘৰে ঘৰে=প্ৰতিঘৰে, ক্ষণে ক্ষণে=অনুক্ষণ, ক্ৰমে ক্ৰমে=অনুক্ৰমে।