পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
বহল ব্যাকৰণ।


অনুচিত, ন+ইচ্ছা= অনিচ্ছা, ন+ঈশ্বৰ অনীশ্বৰ, কিন্তু ন+কাল=অকাল, ন+মানুহ=অমানুহ, ন+ধৰ্ম্ম=অধৰ্ম্ম, ন+কাজী=অকাজী, বা আকাজী বা একাজী ন+বতৰ=অবতৰ বা আবতৰ।
 ৬৩।দণ্ড শব্দৰ আগৰ ন উ হয়। যেনে, ন+দণ্ড=উদণ্ড।
 নঞ সমাসত ন ৰ ভিন ভিন অৰ্থৰ উদাহৰণ। যেনে,
 অভাব অৰ্থত ন :—অধৰ্ম্ম, অপাপ, অবিবেচনা, অহিত।
 সদৃশ অৰ্থত ন :—অব্ৰাহ্মণ।
 ভিন্ন অৰ্থত ন :—অলৌকিক, অসবৰ্ণ, অসময়।
 অল্প অৰ্থত ন :—অকেশী।
 বিৰোধী অৰ্থত ন :—অসুৰ, অৰীতি, অনীতি, অবিধি।
 অপ্ৰশস্ত অৰ্থত ন :— অকাল, অজ্ঞান, অবাট।

অব্যয়ীভাব সমাস।

 ৬৪। সমীপ, অভাব, পশ্চাৎ, যোগ্যতা, অনতিক্ৰম, সদৃশ, পৰ্য্যন্ত আৰু বীপ্সা (একে সময়তে হোৱা ), এইবিলাক ভাবৰ অব্যয় শব্দেৰে সৈতে আন শব্দৰ যি সমাস হয়, তাক অব্যয়ীভাব সমাস বোলে।
 ৬৫। এই সমাসত পদৰ পাচত থকা অব্যয় শব্দ তাৰ আগলৈ যায়। যেনে,
 সমীপ অৰ্থৰ উপ অব্যয়েৰে হোৱা সমাস:—কূলৰ সমীপ, কূলৰ উপ উপকূল, বনৰ সমীপ, বনৰ উপ=উপবন।