পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
বহল ব্যাকৰণ।


গঙ্গাক পায়=গঙ্গাপ্ৰাপ্তি, স্বৰ্গক পায়=স্বৰ্গপ্ৰাপ্তি, নৰক হত্যা কৰে=নৰহত্যা, লক্ষক ভেদ কৰে=লক্ষভেদ, প্ৰাণক পণ কৰে=প্ৰাণপণে, গুৰুক সেৱা কৰে=গুৰুসেৱা। সেইদৰে, ভকতসেৱা, ঠাকুৰসেৱা, বলিয়াসেৱা, সেৱাচুৰ, দৰাবৰণ, বিদ্যাৰম্ভ, মাতৃপূজা, ৰাৱণবধ, বলিছলন, মধুসূদন।

তৃতীয়া তৎপুৰুষ।

 ৫২। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত তৃতীয়া বিভক্তি থাকিলে, তাক তৃতীয়া তৎপুৰুষ বোলে। যেনে, ভৱভূতিৰ দ্বাৰা প্ৰণীত=ভৱভূতিপ্ৰণীত, অগ্নিৰ দ্বাৰা দগ্ধ=অগ্নিদগ্ধ, দাৰে কটা=দাকটা।
 ৫৩। অসমীয়াত অনেক সময়ত তৃতীয়াৰ এৰে বিভক্তিৰ ৰে মাথোন লোপ হয়, এ থাকে। যেনে, হাতেৰে বোৱা=হাতেবোৱা, নিজ কাণেৰে শুনা=নিজকাণে শুনা, চকুৱেৰে দেখা=চকুৱেদেখা।

চতুৰ্থী তৎপুৰুষ।

 ৫৪। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত চতুৰ্থী বিভক্তি থাকিলে, তাক চতুৰ্থী তৎপূৰুষ বোলে। যেনে, দেৱক দিয়া হৈছে=দেৱদত্ত।

পঞ্চমী তৎপুৰুষ।

 ৫৫। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত পঞ্চমী বিভক্তি থাকিলে, তাক পঞ্চমীতৎপুৰুষ বোলে। যেনে, যোগৰ পৰা ভ্ৰষ্ট=যোগভ্ৰষ্ট, পদৰ পৰা চ্যুত=পদচ্যুত,