পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
বহল ব্যাকৰণ।


আধেৰ ), আদ্‌তোলা (মৌখিক আতোলা ), আদ্ টি = আদুটি
 ৪২। এটা বস্তুৰে সৈতে আন এটাক ৰিজালে, সিহঁতৰ কৰ্ম্মধাৰয় সমাস হয়, সমাস হলে ৰিজনি অব্যয় শব্দ লোপ হয়। সেই অব্যয় শব্দ দুই পদৰ মধ্যৰ পৰা লোপ হলে, তাক মধ্যপদলোপী কৰ্ম্মধাৰয়, আৰু দুই পদৰ অন্তৰ পৰা লোপ হলে, তাক অন্ত্যপদলোপী কৰ্ম্মধাৰয় বোলে। যেনে, পদ্মৰ নিচিনা লোচন = পদ্মলোচন, অগ্নিৰ নিচিনা বাণ = অগ্নিবাণ, পানীৰ নিচিনা থিৰ নমৰা কেচুৱা = পানীকেচুৱা, সোণৰ নিচিনা তৰা = সোণতৰা। এইবিলাকৰ ৰিজনি অব্যয় নিচিনা পদৰ মাজৰপৰা লোপ হৈছে। এতেকে সিহঁত মধ্যপদলোপী কৰ্ম্মধাৰয়। আৰু মুখ চন্দ্ৰৰ নিচিনা = মুখচন্দ্ৰ, বিদ্যা সাগৰৰ নিচিনা = বিদ্যাসাগৰ, জ্ঞান ৰত্নৰ নিচিনা= জ্ঞানৰত্ন, চিন্তা অনলৰ নিচিনা = চিন্তানল। এইবিলাকৰ ৰিজনি অব্যয় নিচিনা পদ দুটাৰ শেষৰ পৰা লোপ হৈছে। এতেকে সিহঁত অন্ত্যপদলোপী কৰ্ম্মধাৰয়।
 ৪৩। দুটা বস্তু ৰিজালে যি কৰ্ম্মধাৰয় সমাস হয়, সি দুবিধ :—উপমিত কৰ্ম্মধাৰয় আৰু ৰূপক কৰ্ম্মধাৰয়।
 ৪৪। যি কৰ্ম্মধাৰয় সমাসত উপমাৰ পদটো আগত থাকে, তাক উপমিত কৰ্ম্মধাৰয় বোলা যায়। যেনে, চন্দ্ৰমুখ। ইয়াত চন্দ্ৰ হৈছে উপমাৰ পদ, সি আগত আছে।
 8৫। যি কৰ্ম্মধাৰয় সমাসত উপমাৰ পদটো পাচত