পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
বহল ব্যাকৰণ।


ঋষিব্যাস, গুৰুদ্ৰোণ, ব্ৰহ্মপুত্ৰনদ, কালীগোঁসানী, আইমাতৃ, পিতাদেউ, দদাইদেউ, বাপাদেও, ৰণশিঙ্গা।
 আৰু যেনে, ফুকন ডাঙৰীয়া, কনকেশ্বৰ কাকতী, চিৰস্তাদাৰ ডাঙৰীয়া, চবডিপুটি ডাঙৰীয়া, কেৰাণী বাবু, হলধৰ টেকেলা; মহীৰাম দোকানী, কলিকতা নগৰ, সীতাহৰণ কাব্য, গজেন্দ্ৰ পুৰুষ, ৰায় বাহাদুৰ হিতেশ্বৰ বৰকটকী।
 আৰু যেনে, মলামণি, মালতীফুল, খুটিগছা, বাদুলি গছা, বাদুলিসঁচাৰ, চোৰচাং, মাৰলঘৰ, পানীচাং, পানীদুৱাৰ, বাটচৰা, মেলচৰা, মাটিকঠাল, গোলাঘৰ, ঘাটমাউৰা, বনমানুহ, বনভোজ, বনবিৰলী, পোনামাছ, গড়ৈচিৰিকা, শলঠাৰি, কাৱৈটিলিকা, বৰালিলেটা।
 ৩৮। এটা বিশেষ্য পদৰ কেইবাটাও বিশেষণ থাকিলে, সিহঁতৰো কৰ্ম্মধাৰয় সমাস হয়। যেনে, হৃষ্টপুষ্ট, দীঘলডাঙৰ, মৃদুমধুৰ।
 ৩৯। দুটা সংখ্যাবোধক শব্দৰো কৰ্ম্মধাৰয় সমাস হয়। যেনে, চতুৰ্দ্দশ, ত্ৰিবিংশতি, সাতপাঁচ।
 ৪০। অন্য শব্দেৰে সৈতে কৰ্ম্মধাৰয় সমাস হলে, অন্য অন্তৰ হয়।যেনে, অন্য দ্বীপ = দ্বীপান্তৰ, অন্য লোক = লোকান্তৰ, অন্য দেশ = দেশান্তৰ। কিন্তু অসমীয়াত দেশান্তৰী।
 ৪১।আধা শব্দেৰে সৈতে কৰ্ম্মধাৰয় সমাস হলে, আধা আদ্ হয়। যেনে, আদমোণ, আদ্‌সেৰ, ( মৌখিক