পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
বহল ব্যাকৰণ।

সমাসৰ ঘাই উদ্দেশ্য। অসমীয়াত বিশেষণত কোনো বিভক্তি যোগ নহয়, সমাস কৰি লোপ কৰিবলৈ তাত একো নাথাকে। এতেকে অসমীয়া ভাষাত বিশেষ্য আৰু বিশেষণৰ সমাসো হব নোৱাৰে। কিন্তু সেই বুলি যে অসমীয়াত কৰ্ম্মধাৰয় সমাসৰ ব্যৱহাৰ নাই, এনে নহয়। অনেক সময়ত বিশেষ্য আৰু বিশেষণ পদ গোট খাই এটা শব্দ যেন হয়, তেতিয়া তাক সমাস নুবুলি থাকিব নোৱাৰি। যেনে, পাচ দুৱাৰ, আগ চোতাল, উপৰি পুৰুষ, এনেবিলাক শব্দ সদায় এটা পদ যেন উচ্চাৰিত হয়। তেতিয়া, সমাসৰ সূত্ৰ অনুসাৰে সিহঁত সমাস নহলেও, ব্যৱহাৰত সমাস বুলি ধৰা হয়।


 ৩৫। কৰ্ম্মধাৰয় সমাসত বিশেষণ পদ প্ৰায় আগত বহে। যেনে, শুক্লবস্ত্ৰ, কৃষ্ণপক্ষ, মহানিদ্ৰা, মহাপুৰুষ, মহাজন, উচ্চগিৰি, আঙ্কীয়া নাট, জধামূৰ্খ, বিদগ্ধ পণ্ডিত, থুলন্তৰ পুৰুষ, ফেপা লৰা, পখৰা শিল, ৰাং কুকুৰ, ভীমকলা, ভুৰা মাছ, বোন্দা কাঁহ, মৰুভূমি, মৰচেঁওৰা।

 ৩৬। কৃদন্ত ক্ৰিয়া পদ বা সংখ্যাবোধক শব্দ বিশেষণ হলে, সি প্ৰায় শেষত বহে। যেনে, আলুপিটিকা, মাছভজা, সৰিয়হবটা, গামছা, কাণখোৱা, হটখোৱা, ঘৰপতা, গুৱাকটা, আলধৰা, বহিখোৱা, মৰংচোৱা, মাহ এক=মাহেক, সেইদৰে, বছেৰেক, পষেক, বাৰচেৰেক, হেজাৰেকৰ ভিতৰত গুটিয়েক, দিনচেৰেক।

 ৩৭। দুটা সংজ্ঞা শব্দৰ কৰ্ম্মধাৰয় সমাস হলে, এটাক আনটোৰ বিশেষণ পদ বা উপাধি বুলি ধৰা হয়। যেনে,