পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
বহল ব্যাকৰণ।

বেঙেনাবুলীয়া, দীঘলচুলীয়া আদি পদবিলাক অন্য ৰকমে সিদ্ধ হৈছে। যেনে, বেঙেনাৰ বোল = বেঙেনাবোল ষষ্ঠীতৎপুৰুষ, ইয়াত তদ্ধিতৰ ঈয়া প্ৰত্যয় যোগ হৈ, বেঙেনাবুলীয়া পদ সিদ্ধ হৈছে। সেইদৰে, দীঘল- চুলি, কৰ্ম্মধাৰয় সমাস, তাতে তদ্ধিতৰ ঈয়া প্ৰত্যয় কৰি, দীঘলচুলীয়া পদ সিদ্ধ হৈছে। এতেকে সিহঁত বহুব্ৰীহি সমাস নহয়। এই কথা হব পাৰে, কিন্তু এনে বিধৰ শব্দবিলাকক বহুব্ৰীহি সমাস বুলি বহুত ব্যাকৰণবিৎ পণ্ডিতে গ্ৰহণ কৰিছে।

ব্যতিহাৰ বহুব্ৰীহি।

 ৩৩। পৰস্পৰ একে ৰকম কাৰ্য্য কৰা বুজাবলৈ দুই পদৰ যি সমাস হয়, তাক ব্যতিহাৰ বহুব্ৰীহি বোলে। এই সমাসত দুয়ো পদৰেই আদিৰ আ মৰি অ হয়, আৰু দ্বিতীয় পদৰ আদিৰ ও মৰি উ হয়, আৰু প্ৰথম পদ আ-কাৰান্ত আৰু দ্বিতীয় পদ ই-কাৰান্ত হয়। যেনে, হতাহতি, কণাকণি, কিলাকিলি, ধৰাধৰি, মৰামৰি, চুলিয়াচুলি, দবৰাদবৰি, বগৰাবগৰি, মুখামুখি, কোৱাকুই, মতামতি।

কৰ্ম্মধাৰয় সমাস।

 ৩৪। বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয়, তাক কৰ্ম্মধাৰয় সমাস বোলে।

 অসমীয়া ভাষাত যথাৰ্থ পক্ষত বিশেষ্য আক বিশেষণৰ সমাস নহয়। সংস্কৃত ভাষাত বিশেষ্য পদত যি বিভক্তি বিশেষণ পদতো সেই বিভক্তি হয়। সেই দেখি বিশেষণ পদৰ বিভক্তি গুচাই তাক বিশেষ্য পদৰ লগ লগাই সমাস কৰা যায়। ব্যস্ত পদবিলাকৰ বিভক্তি লোপ কৰাই হৈছে