পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
বহল ব্যাকৰণ।

লৰাছোৱালী, দৰাকন্যা, গোপগোপিনী, নন্দযশোদা, কৃষ্ণৰুক্মিণী।

 ১৪। দ্বন্দ্ব সমাস হোৱা পদবিলাক প্ৰায় গোট খুৱাই এটা কৰি লিখা হয়, কিন্তু পদবিলাক দীঘল হলে, সিহঁতৰ মাজত একদেশ চিন দিয়া যায়। যেনে, হাঁহপাৰ, টেমিকটাৰী, কলকুঁহিয়াৰ, কিন্তু সম্ভাব্য-ভূত কাল, বিশেষণ-সৰ্ব্বনাম৷ পদবিলাকৰ সন্ধি হলে অৱশ্য একদেশ চিন থাকিব নোৱাৰে।

সমাহাৰ দ্বন্দ্ব।

 ১৫। যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থৰ উপৰিও অন্য অৰ্থ বুজায়, তাক সমাহাৰ দ্বন্দ্ব বোলে। সমাহাৰ দ্বন্দ্বত সমস্ত পদ সদায় একবচন হয়। যেনে, নামৰ মাহচাউল, ঘৰৰ কাঁহীবাটি, বাৰীৰ আমকঠাল। ইয়াত মাহচাউল পদে মাহ, চাউল, কল, কুঁহিয়াৰ আদি সকলো. উপসাৰ বস্তু বুজাইছে; কাঁহী বাটি পদে কাঁহি, বাটি, লোটা, ঘটি, চৰিয়া আদি সকলো সাজ বুজাইছে; আৰু আমকঠাল পদে আম, কঠাল, লেটুক, পনিয়াল, টেঙ্গা, জৰা আদি বাৰীত হোৱা সকলে৷ ফল বুজাইছে, এতেকে সিহঁত সমাহাৰ দ্বন্দ্ব।

 কোনটো সমাস ইতৰেতৰ আৰু কোনটো সমাহাৰ তাক ঠাৱৰাবলৈ হলে গোটেইটো বাক্যৰ ভাবটোলৈ মন কৰিব লাগিব। কোনোৱে যদি কয় বোলে এইখন গোপালৰ তামোল পাণৰ বাৰী আৰু সিখন আম কঠালৰ বাৰী, তেনেহলে বুজিব লাগিব যে, গোপালৰ এইখন বাৰীত