পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
বহল ব্যাকৰণ।

সুৰাসুৰ, দেৱদানৱ, কৃষ্ণবলৰাম, হৰিহৰ, বামুণশূদিৰ, গুৰুশিষ্য, বাইভনী।

 ৯। দ্বন্দ্ব সমাসত দীঘল পদ প্ৰায় শেষত বহে। যেনে, নৰনাৰায়ণ, নৰবানৰ, চন্দ্ৰদিবাকৰ, কৃষ্ণাৰ্জ্জুন, লক্ষ্মীসৰস্বতী, জয়পৰাজয়। ইয়াৰ ভিতৰত মান্যবোধক আৰু অমান্যবোধক পদৰ কোনো ভেদাভেদ নহয়, অৰ্থাৎ এই নিয়ম মতে মান্যবোধক হলেও দীঘল পদ পাচলৈ যায়।

 ১০। এই নিয়মৰ আৰু উদাহৰণ যেনে, আলিপদূলি, দাকুঠাৰ, ঘৰচোতাল, কাপমৈলাম, টেমিকটাৰী, ঢেকিখুবলি, শাকপাচলি, পাতপচলা, বেঙেনাজলকীয়া, ফুলচন্দন, খেতি- পথাৰ, নৈনলা, খেৰখাগৰি, মাহসৰিয়হ, তিলতুলসী, তামতুলসী, কলকুঁহিয়াৰ, মাহচাউল, মাছমগৰ, বাঘভালুক।

 ১১। দুটা বা অধিক বিশেষণ পদ বিশেষ্য পদৰ দৰে ব্যৱহাৰ হলে, সিহঁতৰো ইতৰেতৰ দ্বন্দ্ব সমাস হয়। যেনে, ভালমন্দ, ভালবেয়া, শিষ্টশান্ত, সাধুসন্ত, সজ অসজ।

 ১২। দ্বন্দ্ব সমাসত পাচত থকা নিশা আৰু ৰাত্ৰি শব্দ অ-কাৰান্ত হয়। যেনে, দিবা আৰু ৰাত্ৰি = দিবাৰাত্ৰ, অহঃ আৰু নিশা = অহৰ্নিশ; অহঃ আৰু ৰাত্ৰি = অহোৰাত্ৰ।

 ১৩। পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ পদৰ সমাস হলে, স্ত্ৰীলিঙ্গ পদ প্ৰায় আগত বহে। যেনে, সাবিত্ৰীসত্যবান, ৰাধাকৃষ্ণ, লক্ষ্মীনাৰায়ণ, সীতাৰাম, তিৰীমুনিহ। অনেক সময়ত পুংলিঙ্গ পদ আগলৈ যায়। যেনে, হৰগৌৰী, মহাদেৱপাৰ্ব্বতী,