পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
বহল ব্যাকৰণ।

ইতৰেতৰ দ্বন্দ্ব।

 ৭। যি দ্বন্দ্ব সমাসত প্ৰত্যেক ব্যস্ত পদৰ অৰ্থ থাকে, তাক ইতৰেতৰ দ্বন্দ্ব বোলে। ইতৰেতৰ দ্বন্দ্বৰ সমস্ত পদটো সদায় বহুবচন হয়। যেনে, ৰাম আৰু লক্ষ্মণ = ৰামলক্ষ্মণ, ৰাম আৰু ৰাৱণ = ৰামৰাৱণ, লৱ আৰু কুশ= লৱকুশ, ভীম আৰু অৰ্জ্জুন = ভীমাৰ্জুন, লাই আৰু লেচাই = লাইলেচাই, সেই দৰে ৰামকৃষ্ণ, হৰিহৰ, সুৰাসুৰ, আকাশ পাতাল, স্বৰ্গনৰ্ক, শিকিয়াবিৰিয়া, ধেনুশৰ, গাখীৰগুড়, ধানচাউল, টকাকড়ি, তিলকুশ, খাৰুমণি, ফোঁটৰেঘা, ঢাৰিপাটী, তেলপানী।
 আৰু যেনে, আম আৰু কঁঠাল = আমকঁঠালবোৰ, হাঁহ আৰু পাৰ = হাঁহপাৰবোৰ, বেঙেনা আৰু জনকীয়া = বেঙেনা- জলকীয়াবোৰ, সেই দৰে ধানচাউলবোৰ, গৰুছাগলীবোৰ, ধনসম্পত্তিবোৰ, কাপোৰকানিবোৰ, পাচিখৰাহিবোৰ।
 আৰু যেনে, কনা, কুজা, আৰু ভেঙ্গুৰা = কনাকুজাভেঁঙ্গুৰা বা কনাকুজাভেঙ্গুৰ; লৰা, বুঢ়া, আৰু ডেকা = লৰাবুঢ়াডেকা; দধি, দুগ্ধ, আৰু মধু = দধিদুগ্ধমধু; মাহ, সৰিয়হ, আৰু ধান = মাহসৰিয়হধান।
 আৰু যেনে, ধনবিত আৰু কাপোৰ কানি = ধনবিত- কাপোৰকানি, লৰা বুঢ়া আৰু মতামাইকী = লৰাবুঢ়ামতা- মাইকী, ঘৰবাৰী আৰু খেতিপথাৰ = ঘৰবাৰীখেতিপথাৰ।

 ৮। দ্বন্দ্ব সমাসত গোট খোৱা পদবিলাকৰ ভিতৰত মান্য বুজুৱা পদ প্ৰায় আগত বহে। যেনে, ৰামলক্ষ্মণ,