পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
বহল ব্যাকৰণ।

 ২। সমাস মুঠত ছবিধ:— দ্বন্দ্ব, বহুব্ৰীহি, কৰ্ম্মধাৰয়, তৎপুৰুষ, দ্বিগু আৰু অব্যয়ীভাব। ইয়াৰ বাজেও নঞ বোলা এবিধ সমাস আছে, সি তৎপুৰুষ সমাসৰ অন্তৰ্গত।

 ৩। যি যি পদবিলাকৰ সমাস হয়, সিহঁতক ব্যস্ত পদ, আৰু সমাস হৈ উৎপন্ন হোৱা পদটোক সমস্ত পদ বোলে। আৰু যি বাক্যৰ পদবিলাকৰ সমাস হয়, সেই বাক্যটোক ব্যাস বাক্য বোলা যায়।

 শূলপাণি এটা সমাস, ইয়াৰ অৰ্থ হৈছে, শূল আছে যাৰ পাণিত (হাতত) সি। শূলপাণি বুলিলে এই গোটেইটো কথা প্ৰকাশ পায়। তেনেহলে শূলপাণি পদটো শূল আছে যাৰ পাণিত সি, এই বাক্যটোৰ সলনি বহিছে অৰ্থাৎ এই বাক্যটো সমাসটোৰ ভাঙ্গনি। সমাস সম্বন্ধে, ব্যাকৰণত এই বাক্যটোক ব্যাস বাক্য বোলে। সমাসটোত দুটা পদ, শূল আৰু পাণি। ইহঁতৰ প্ৰত্যেকটোকে ব্যস্ত পদ বোলে, আৰু সমাস হৈ যেতিয়া শূলপাণি পদ হল, তেতিয়া তাক সমস্ত পদ বোলে।

 ৪। সমাস হলে ব্যস্ত পদবিলাকৰ বিভক্তি লোপ হয়, কেৱল সমস্ত পদটোত মাথোন বিভক্তি থাকে।

দ্বন্দ্ব সমাস।

 ৫। দুটা বা অধিক পদ গোট খাই এটা হলে, বা এটা পদেই অধিকক বুজালে, তাক দ্বন্দ্ব সমাস বোলে।

 ৬।দ্বন্দ্ব সমাস তিনি বিধ:— ইতবেতৰ, সমাহাৰ আৰু

একশেষ দ্বন্দ্ব।